ৰাজীৱ ৰাভা
পেনেৰী ,ওদালগুৰী

শীতৰ ফেহুঁজালিৰ কুঁৱলী ফালি ফালি
পুৱাই পুৱাই চিকুনাও বাট
প্ৰতিটো কামৰ আশা
দুবেলা-দুমুঠি ভোকৰ ভাত।

সন্ধিয়া আকৌ ঘৰমুৱা হওঁ
পুৱাই পুৱাই চিকুনাও বাট
মেটমৰা কান্ধৰ দুখৰ বোজাই
মূৰটো কুৰকি কুৰকি খায় ।

আন্ধাৰ নামি অহাৰ লগে লগে
মনকাশ গোমা হৈ পৰে
মৌনতাৰ সুযোগ লৈ প্ৰেমৰ ভাব বুজাব নোৱৰা
অনুভূতিবোৰ প্ৰতিচ্ছবি হৈ ভাঁহি উঠে
মনৰ দাপোনত ।

কম্পিত দুটি ওঁঠ-
চঞ্চল দুচকুৰ নীলাভ চাৱনিত
চকুলো মোৰ দুধাৰেৰে বৈ যায়
মৌনতাৰ কাঠগৰাত বহি পৰা সময়।