পংকজ দাস, ধেমাজী ভ্ৰাম্যভাষ-৯৯৫৪১৭৯৬৬২
কথাবোৰ মিছা, হাঁহিবোৰ মিছা
আৰু কান্দোনৰ ৰোল
চিন্তা – সংকল্প, লোতকৰ গোন্ধ
সকলোবোৰ মিছা
মিছা উশাহ মিছা বতাহ
গভীৰ নীলাবোৰো মিছা
আশাবোৰ ভবাবোৰ
পোৱা নোপোৱাৰ হিচাপবোৰ
সকলোবোৰ মিছা
লাঞ্ছনা বঞ্চনা শোষণ নিষ্পেষণ
আস্থা আশ্বাস প্ৰতিশ্ৰুতিবোৰো মিছা
সম্পৰ্কবোৰ
ক্ষন্তেকীয়া ভাবাবেগবোৰ মিছা।
ৰঙবোৰেৰে তুলিকাৰ বোল
মিছাবোৰত লুকুৱাই সঁচাবোৰৰ সাঁচ
মিছাবোৰৰ মাজতে হেৰুৱাই নিৰ্ভেজাল ঠাঁচ
মিছাৰেই আঁকিছে মিছলীয়া নাট।
