নিবিড় অনুৰাগ মানস ,মাছখোৱা

    শালি খেতিৰ বনবাত নিৰাই
    জোনটোৱে খণ্টিখন ক’ত বা গুজিছে

    বিন্ধাই ভাঙি চিঙি
    শেষ কৰিব পাৰেনে ভোকৰ ভাত

    মুৱা মাছৰ চিতিপনি, ডৰিকণাৰ অসুখ
    ভেলেঙীজনীৰ বহল মুখৰ লপথপ হাঁহি যেন
    আবেলি এটাত নিভাজ বেলিৰ হেঙুলীয়া গীত

    টুনি চৰাই টুনটুনাই
    পথাৰত শালিধানৰ সুহুৰি নাই

    তুমি জোনৰ পোহৰ খেদি
    বিচাৰি পাইছিলা নেকি এখন খণ্টি

    ধেমাজি-লখিমপুৰ
    শালি ধানৰ ঘৰ
    বৰষুণৰ দুখত হেৰাই যায় শালিতলী

    জলবায়ু পৰিৱৰ্তনৰ অবাধ মোখোৰা
    গছ ভঙাৰ সাধ্য আছে নেকি জবকা অথবা দলি মাৰিৰ?

    এদিন চাগে ৰ’দ অথবা বৰষুণৰ শোকত
    হেৰাই যাম আমি

    ঠিক ভালপোৱাৰ অজুহাত এটা এৰি
    হেৰাই যোৱাৰ দৰে তুমি…।