মূলঃ খলিল জিব্ৰান
অনুবাদঃনবীন কামান
সভাপতি,ধেমাজি জিলা কবি সন্মিলন


মোক বাঁহী(নেই)টি দিয়া
গাই দিয়া নিগূঢ়তাৰ গোপন সংগীত
যি সংগীত প্ৰতিধ্বনিত হৈ থাকিব
স্থিতি বিলোপ নোহোৱালৈকে।

তুমি মোৰ দৰে
অৰণ্য বাচি লৈছানে,
এটা ঘৰ ,য’ত কোনো বাধ্যবাধকতা নাই?
তুমি জান-জুৰি আৰু শৈল শিখৰ বগাইছানে?
সেইবোৰৰ মাধুৰ্যতাত নিজে ডুব গৈছানে
সেইবোৰৰ পোহৰত গা শুকুৱাইছানে?
তুমি স্বৰ্গীয় বতাহজাকেৰে ভৰা পিয়লাৰ দোকমোকালি পি খাইছানে?

তুমি মোৰ দৰে
সন্ধ্যাৰ আন্ধাৰত
দগ্ মগাই থকা অৱসাদপূৰ্ণ আঙুৰ লতাৰ মাজত বহিছানে?
তুমি নিশাৰ ঘাঁহনিত বাগৰি শুই পাইছানে
আৰু আকাশখন আচ্ছাদন কৰি পাইছানে?
অতীতক পাহৰি
ভৱিষ্যতৰ বাবে হৃদয়খন মুকলি কৰিছানে?

মোক বাঁহী(নেই)টি দিয়া
আৰু হৃদয়ৰ সুৰেৰে গীত এটি গোৱা ।
বাঁহীটিৰ সূৰ বৈ থাকিব ,
বাঁহীটিৰ সূৰ বৈ থাকিব
পীড়া আৰু আৰোগ্যৰ পিছতো।

মোক বাঁহী(নেই)টি দিয়া
আৰু পানীত জলচ্ছবি অঁকাতকৈ
মানৱতাৰ বাবে গীত এটি গোৱা।

      টোকা:   Ney (নেই) = লেবাননৰ বাঁহী।