✍️ ধৰণী চেতিয়া, ধেমাজি
ফাগুনৰ সমীৰে পৰাণ জুৰাই
গায় গ’ল এটি বসন্তৰ মৃদু গীত।
গছৰ ডালত বহি শান্তিৰ দূত কপৌজনিয়ে
দি গ’ল মিলনৰ মধুৰ বতৰা।
কামগন্ধবিহীন কায়াত, সিদিনা
কোন হৰিণীৰ নয়নীয়ে লগালে চমক,
কবিৰ হিয়াৰ কাননত ফুলিল পদুম।
অ’ মোৰ বসন্তৰ গান গোৱা চৰাইজনি
আকৌ এবাৰ আঁহ! আকৌ এবাৰ শুনা
বসন্তৰ ৰাগী লগা এটি মিঠা পৰাণৰ গান।
“ফাগুন”মোক এবাৰ উৰুৱাই নে
বসন্তৰ ৰাগী লগা দূৰণিৰ সৰু সেই গাওঁখনিলৈ।
মাত হেৰ’ চ’তাই সোনকালে বৰদৈচিলাজনিক
উছৱ তলিত গাভৰুৰ দেহত নাচোনৰ বোল লাগক ৰাগী।
