কৃষ্ণ দৈমাৰী

ঘন অৰণ্যৰ মাজত
শেলুৱৈ ধৰা শিলে
অভিশপ্ত জকাঁৰ স’তে
কথা পাতিছে
ফুচফুচনি কথা ।

সেউজীয়াৰ মাজত থাকি
নিজকে চিৰসেউজ বুলি ভবাতো
অভিশপ্ত জকাঁটোৰ ভুল আছিল।
এতিয়া সি বুজিছে।

এজাক পক্ষীয়ে ঘন অৰণ্যৰ মাজত মিতিৰ পাতিছে
আৰু
অভিশপ্ত জকাঁটোৱে চাই আছে।
ইফালে শেলুৱৈ ধৰা শিলে
অভিলেখ ৰতনা ৰচিছে।

ঘন অৰণ্যত বিৰিখে বিৰিখৰ মাজত
এখন মেল পাতিছে
বিয়নি মেল
আৰু
তৰু তৃণ গুল্মহঁতে
মৌন হৈ শুনিছে
আৰু বজাইছে হাত চাপৰি।

অৰণ্যৰ ত্ৰাসৰ সময়ত
উজাগৰী বনৰ বিশৃংখলক
নিচুকনি গীতেৰে
নিচুকাবলৈ শেলুৱৈ ধৰা শিলে তৰিকা জানে।

কেতিয়াবা বনজুইৰ ত্ৰাসত অৰণ্য আতংকিত হ’লেও
শেলুৱৈ ধৰা শিলে ৰং চাই মৌন হৈ ৰই
কাৰণ সি জানে
বনজুয়ে তাক চুব নোৱাৰে।

বনজুইৰ স’তেও সি মিতিৰালি পাতে
কাৰণ সি জুইৰ স’তেও ফুচফুচনি কথা পাতিব জানে।