বৈদ্য ব্ৰাইট বুঢ়াগোহাঁই, ডিব্ৰুগড়
ফলৰ বাগিচাখনত পকা পকা ফলবোৰ
লমা লমে ওলমি আছে। খাবলৈ
চিঞৰ বাখৰ কৰিছে নানা ৰঙী অনেক চৰাই।
ফলবোৰে ঘুমতি ভাঙিছে শিশুবোৰৰ।
চিত হৰিছে গাভৰুবোৰৰ।
দাঁত নোহোৱা মানুহবোৰ হৈ আছে ফল ৰখীয়া।
আৰু লাহে লাহে বাগিচাখন হৈ পৰিছে
শিশু আৰু গাভৰুবোৰৰ শ্মশান।
