গৌৰাঙ্গকৃষ্ণ সোনোৱাল, ধেমাজি

(উচৰ্গা: মোৰ দুৰ্ভগীয়া আই-পিতাইলৈ…)**


মই নহ’লে, তোৰ শপত আই—
মোৰ নিস্পন্দ দেহক সাৱটি তই চকুলো নুটুকিবি।
এই কংক্ৰিটৰ অৰণ্যত মৰীচিকা খেদি খেদি
মই আজি এক পৰাজয়ৰ নীলকণ্ঠ!
আই অ’, তোৰ এই যুঁজাৰু ল’ৰা আজি বৰ ক্লান্ত।
তোৰ জৰাজীৰ্ণ বুকুৰ উকা চোতালত
এপাহি সফলতাৰ তৰা ফুল মই গুজি দিব নোৱাৰিলোঁ।
কাৰণ— এই মানুহবোৰৰ গণিত বৰ জটিল,
ইয়াত মেধাৰ নিলাম হয়, সপোনৰ বজাৰ বহে!
টকাৰ নোটৰ খমখমনিতহে ইয়াত নিৰ্ণয় হয়—
মানুহৰ প্ৰকৃত যোগ্যতা আৰু ঠিকনা।
পিতাইৰ নিমখীয়া ঘামেৰে গঢ়া সপোনবোৰ
মোৰ ব্যৰ্থতাৰ জুইত আজি দাউ দাউকৈ জ্বলিছে।
মই হাৰি গ’লোঁ আই…
মেধাৰ বাবে নহয়, হাৰিছোঁ ধনৰ নিষ্ঠুৰ ষড়যন্ত্ৰত।
মই নথকাৰ দিনা—
মাথোঁ দেউতাৰ জৰা কঁকালত তই সাহসৰ লাখুটি হৈ ৰবি।
জীৱন যুদ্ধত হাৰি যোৱা তোৰ এই পুত্ৰক—
পাৰিলে ক্ষমা কৰিবি আই,
শেষবাৰৰ বাবে… মাথোঁ ক্ষমা কৰিবি।