ভূপেন গগৈ, চেপন

ভ্ৰাম্যভাষ-৯৮৫৪১৮৭৯৯৪


কি এক নিৰ্মম নিশ্চিতিত
আমি নিতৌ টোপনি যাওঁ
কেতিয়াবা সাৰ পাওঁ
কেতিয়াবা নাপাওঁ

আজি আপুনি
কাইলৈ মই
পৰহিঠলৈ তেওঁ…
ৰহস্যঘন জীৱন আৰু মৃত্যুৰ
অবাধ অনুসৰণত আমি
অহৰহ গা টঙাও

আচলতে হাতত সাৰে ভৰিত সাৰে
কাহানিও উভতি নহাৰ বাট এটাৰে
মাজে মাজে আমি
অজান মুলুকলে’ গুচি যাওঁ

গৈ থকাৰ বাটে-বাটে
বগিয়াবগিকৈ পাৰ হৈ যাওঁ
বেগৱতী সময় এনেকি প্ৰেম আৰু
ঘৃণাৰ মহাসমৰ

কেতিয়াবা কদাচিত কোনো এক
দেৱালৰ ওলোমা ফটো হৈ উঠোঁ
কেতিয়াবা কদাচিত চকুপানী হৈ ভিজি উঠোঁ
কাৰোবাৰ বুকুৰ নিৰ্জনতাত।