সত্যব্ৰত গগৈ ,ধেমাজি

সিদিনা যে বিবুধিত পেলাবলৈ সুধিছিলা
ক’ত থাকোঁ
আশাৰ উমি উমি জ্বলি থকা জুইত
নে
হতাশাৰ সীহ বৰণীয়া ছাইত

উত্তৰ দিবলৈ
সুহুৰি মাৰি পাৰ হৈ গৈছিলোঁ
এখন মৃন্ময় অৰণ্য

হাতত তুলি দিছিলোঁ
পাহি মেলিব খুজা এথোপা ফুল
আৰু
পাহি সৰা এমুঠি স্ফীত গর্ভাশয়

গোট মৰা নিজৰাৰ পাৰত বহি
কৌতুকে সুধিছিলোঁ
জানা জানো
আশাৰ মাজত থকা হতাশা
আৰু
হতাশাৰ মাজত থকা আশাৰ
শাশ্বত চক্ৰ।