ড০ অচ্যুৎ গগৈ ,ধেমাজি
ঠিক দিনটো আৰু সময়
আয়ে নাজানে
পিতায়ে ক’ব নোৱাৰে
মই কেতিয়া কান্দিছিলোঁ
কোনোবা অদেখা অচিন চুকত।
দিনৰ শেষত যেনেদৰে
ৰাতি সত্য
ধূলিকণা জীৱন মোৰ
অৰন্য ৰোদন অস্তিত্ব।
দুচকুত মোৰ
অলেখ শব্দকল্প
গুঞ্জৰিত সপোন
বুকুৰ তেজেৰে অংকিত
অদেখা চিত্ৰ।
পৃথিৱীলৈ অহা দিনটোত
অভিমন্যু চক্ৰবেহুত
আৱদ্ধ।
