সত্যব্ৰত গগৈ, ধেমাজি

ভ্ৰাম্যভাষ-৭০০২০৬৬৪৭৬


কজলা ডাৱৰৰ বুকুত মাণিক থাকে
কথাষাৰ কেৱল ৰৌদ্ৰস্নাতা পথাৰখনেহে জানে

ডাৱৰ মাণিকৰ মূল্য
ডাৱৰ চুব খুজাজনে নাজানে
জানে
ভোক লৈ
ভোকৰ নিবাৰণৰ বাবে যুঁজ কৰা যোদ্ধাজনে

শুকুলা ডাৱৰৰ মোহনীয়া ৰূপত ভোল যোৱা
মহাশয়
আপুনি কেতিয়াও নেদেখে কজলা ডাৱৰৰ অতুলনীয় সৌন্দৰ্য্য
অথচ একে ডাৱৰৰ মাণিকৰ বুকুত ওপজা
পথাৰৰ সেউজ শোভাত অভিভূত হয়

বজাৰৰ দৰত মূল্যহীন হ’লেও
কজলা ডাৱৰৰ বুকুত থকা মাণিকবোৰ
অমূল্য।