কুন্তলা কল্যাণী সন্দিকৈ

কেতিয়াও কোনো বিষয়ত মোৰ অকাৰণ উত্তেজনা নাই

মুখাবয়ৱত চাপ এটা ধৰা পৰিছে

যি কয়- কিবা এটা গণ্ডগোল হৈছে

তথাপি মুখৰ হাঁহি কিন্তু আগৰটোৱেই

 

ভীষণ প্ৰতিজ্ঞা

অটল বিশ্বাস

এনেকৈয়ে ঠিক আছিল

 

কিন্তু ভালপোৱাৰ মুখত ছাই সানিবলৈ এই পৃথিৱীত একোজন মানুহ সদায় থাকেই

থাকিবই

তেওঁ ভালপোৱাক পুৰি পেলায়

ছাই ছটিয়াই দিয়ে জীৱনৰ দুৱাৰদলিত

কয়, “এইবাৰ তই মৰি যা।”

 

সকলো কথা গোমৰফাক হোৱাৰ পাছতো

নেজকটা শিয়ালৰ আত্মপ্ৰসাদ লৈ

তেঁৱেই আক’ মোক অভ্যৰ্থনা জ্ঞাপনো কৰে-

ৰাজহুৱাকৈ!