নয়নমণি দাস

দুখৰ পোছাক সলাবলৈ
কিয় লাগে
সুখৰ এধানি পোহৰ ?
পাহাৰ হৈ বুকুত ভৰ দি বহিছে
দুখৰ হুমুনিয়াহবোৰ
নিৰ্লজ্জৰ দৰে।

এতিয়া ৰাজহাড় বেঁকা হোৱা
মই এক অক্ষম নমুনা।
কাৰ শাওপাতে বিন্ধিলে
মোৰ একালৰ প্ৰেম উপচি থকা হৃদয়?

আজিও তাৰ বিষে
খুচি বিন্ধি মাৰে মোক
তুমি নহয়
তুমি হʼব নোৱৰা।

দুখৰ বোজাত
ভাৰাক্ৰান্ত মই
নুসুধিবা
সেই দুখ ক’ৰ
কাৰ বাবে?

হেৰুওৱাৰ নে
পাই হেৰুওৱাৰ !