উজ্জ্বল দিহিঙীয়া


নজনাবা বিদায় মোক নাযাওঁ আঁতৰি মই থাকি যাম তোমাৰ কাষত এটি অনুভৱ হৈ
মই নাজানো কি মোৰ পৰিচয় যি আছে পৰিচয় সকলো তোমাৰেই

তুমি ক’ত আছা-মই নকলেই হ’ব সকলোৱেই জানে তুমি যে মোৰ হৃদয়ত আছা এটি নক্ষত্র হৈ এটি সময় হৈ

তথাপিও আজি এই বিদায়ই বেলাত তোমাৰ পৰা আঁতৰি যাওঁ কেনেকৈ যাবলৈ যে লাগিব সেয়া কেতিয়াও ভবাই নহ’ল কিন্তু আজি যাবগৈ লাগিব তোমাক এৰি কিজানি নাযাওঁ বুলি মই ক’ব পাৰিলো হয় কিয় ক’ব নোৱাৰো কিহে দিছে মোক বাধা

বুকু বিষোৱা বিদায় শব্দ আৰু নক’বা দুনাই মই নযাওঁ তোমাৰ পাৰ আঁতৰি থাকি যাম তোমাৰ ছায়াই হৈ থাকি যাম তোমাৰ পদ ধূলি হৈ।

মোক নজনাবা বিদায় নোৱাৰি সহিব মই বুকুখন বিষাই যাই অ’ বুকুখন কঁপি যাই অ’।