ভূষণ কলিতা, গুৱাহাটী
ভ্ৰাম্যভাষ-৮০১১১৪৮৪৫৩


কবিতা লিখিছিল তেওঁ

ল’ৰাক লগ পাই সুধিলোঁ
কেনে আছে কবি

তেওঁ ক’লে
বৰ জালা দিছে পিতায়ে

কানেৰে নুশুনে
চকুৰে নেদেখে
চিনি নাপায় কাকো

বিৰ্‌বিৰাই থাকে
কি কয় নুবুজোঁ

খোজ কাঢ়িব নোৱাৰে
বিচনাতে শৌচ প্ৰস্ৰাৱ কৰে

নমৰেও
মৰিলে উদ্ধাৰ পাও
মুক্তি পায় তেওঁ !