ড° দেৱীনা পামেগাম পেগু,ধেমাজি
ভ্ৰাম্যভাষ – ৯৮৬৪১৬৮৮৬২
মেঘমল্লাৰ চমকনিত
শুকুলা ডাৱৰৰ আঁচল খহাই
আচম্বিতে সুখৰ জৰীডাল খুলি
নামি আহিল
এজাক মুষলধাৰ বৰষুণ
বিষাদৰ বৰ নৈ বোৱাই
ৰঙীন সপোনবোৰ ভটিয়াই
চৌদিশে মাথোঁ ধূসৰিত !!!
বুকুৰ কামিহাড় ভাঙি
পৌঢ় পিতাইৰ
শাওণৰ পথাৰত প্রোথিত
সেউজীয়াৰ দলিচাত
লাগিল বলুকাৰ ৰূপালী ৰহণ
দুপৰতে বিয়লি হৈ
উকা আজি জহা,বৰা,মাণিকি মাধুৰীৰে ভৰা
আঘোণত আইৰ
বুকু উজাই অহা সুগন্ধিৰ খেতিডৰা !!!
আজিও বৰ্ষা নিশাৰ মেঘৰ দুন্দুভিত
মহাপ্লাৱনৰ আশংকাত
স্পন্দিত বুকুৰ যন্ত্ৰণাই
পিতাইৰ দুচকুৰ টোপনি সৰে…
কৰ্ণকুহৰত প্ৰতিধ্বনি শুনে
শাওণী মেঘৰ সোণপানীৰ
টুপুৰ টুপুৰ শব্দ
শেতেলিত ইকাটি সিকাটি
বাগৰ সলাই হুমুনিয়াহ কাঢ়ে
কিয় দীঘলীয়া হৈ বিষাদৰ নিশা !!!
