ডঃ অচ্যুৎ গগৈ, ধেমাজি
ভ্ৰাম্যভাষ-৮৮৭৬৮৮৪৫২২


ন মাহ ন দিন
কলিজা ভাঙি দিব নোৱাৰিলোঁ
প্ৰেম
স্নেহ
ভালপোৱা
মানৱীয়তা

দিনৰ পিছত ৰাতি হ’ল
জোন বেলি তৰা ওলাল
যুগৰ পিছত যুগ
বিৰোধ
সংঘাত
ভয়
ক্ৰোধ
হিংসা
আৰু ডাইনী হত্যা

হে মানুহ
নিছলা- পিছলা।