সঞ্জীৱ সাগৰ চৌধুৰী, মৰিগাঁও
ভ্ৰাম্যভাষ-৭০০২১০৭৮৮৬
যিকোনো পানীৰে নুমুৱাব পাৰি খালৰ বিলৰ নদীৰ বৰষুণৰ
পাৰিনে চকুৰ পানীৰে পাৰিনে কামৰ পানীৰে জিভাৰ পানীৰে একা
সকলো পানীৰে গুচাব নোৱাৰি মাথোঁ পিয়াহ
জুইৰ পিয়াহ নেথাকে
জুইৰ থাকে হুতাহ
সকলো ছাই কৰি পেলোৱাৰ
পিয়াহৰ পিছে একুৰা জুই থাকে
তুঁহজুই
ধোঁৱাই ধোঁৱাই জ্বলাই থাকে চকু
তাপে দহি থাকে বুকু
ভমক্কৈ জ্বলি উঠে
বা লাগিলেই
পিয়াহ হৈ উঠে একুৰা জুই
হোমৰ নে জুহালৰ
বুকুৰ নে উদৰৰ
নে চিতাৰ
হৈ পৰে য’ত
ভোক আৰু পিয়াহ একাকাৰ•••।
