মিণ্টু দাস, বোকাবিল,ধেমাজি

চিৰাচৰিত সকলো নিয়ম ভাঙি ওলাই আহিছে বসন্তৰ নিমাতী খোজ
সীৰলুৰ শেঁতা আকাশত উৰি ফুৰিছে ভোকাতুৰ শগুণ

নিয়ন লাইটত হুমুনিয়াহবোৰ খহি পৰিছে
জী উঠাৰ সকলো আশা শেষ হোৱাৰ পিছতো লানি নিচিগা ভীৰ
জীৱনৰ নিস্তেজ পদূলিত
বৰ্হমথুৰিৰ
ফৰ্মুটিত যদি পৰা নাই পকা বগৰী। বিশ্বাসত।
তিতা তেতেলিত বগাই ফুৰে তেজৰ সকলো পৰমাণু

কিশলয়ত নতুন সমীকৰণ তপত অক্ষিযুগলৰ।
নাওমান পানীত সাঁতুৰি আছে
বৈভৱ বিহংগ

বেলিৰ বিপৰীত গতিত লাটুমৰ দৰে ঘূৰি আছে
সহিব নোৱৰা বতাহৰ কোব
পাহুৱাল ডিঙিত ওলমি আছে তৰা

বৰদৈচিলাৰ বিদায়ী ক্ষণত ৰৈ থকা উশাহত
বিষাদ কেতেকীৰ বিলাসী আয়োজন
নীল নক্ষত্ৰৰ হেজাৰ ছাঁ গচকি নামি আহে প্ৰাণৰ বসন্ত।