বিশ্বজিৎ গগৈ , গোগামুখ


কাজলি ভৰাই ধূলিৰ খেলাত
টিপা টান কৰি যি এমুঠি বাছে
সিও আঙুলি ফাকেৰে সৰকি হেৰায়..।

সন্মুখত আঁজলি দুহাত
যি হাতেৰে মূৰ -কপাল ফুৰাই
নিচুপ কৰিছিল আয়ে কোলাৰ শীতল ছায়াত।
দেউতাই এমুঠি জোনাক বিচাৰি
এন্ধাৰৰ জালি কাটে
দিবা নৈশ একাকাৰ কৰি।

কথাবোৰ অতীত
আশাবোৰ ভৱিষ্যতৰ…!
জীৱনে সাঁচি ৰাখে সময়ৰ খোজত
চকু মেলি নেদেখা সপোন;
মনত কুণ্ডলী পকাই
স্মৃতিৰ কথকতা
আশাবাদী কেঁচা মনৰ প্ৰাণ।

পৰাণৰ এঘড়ী আলোকত নৃত্যৰত
আই -পিতাইৰ এমাডিমা সপোন
সুৰত বাজে নে কথাত ফুটে
নে ভাবৰ পৰিধি ভ্ৰমি পৰিস্ফুত
অনুভৱৰ নিতুল ছন্দত ?
নুবুজি সমূলি।
ভাবত নালাগে কৰ …. ভাবিছিল আইয়ে
সপোন দেখাটোও নিজৰ …..দেখিছিল পিতাইয়ে
আশাবোৰ যে ইচ্ছাকৃত ….. সপোনৰো আশা
পিছে , ‘বাস্তৱ’ —-জীৱনৰ কঠোৰতম কাৰ্য
সহজে নিসিজে ;
কাঢ়িব লাগিব চকুৰ টোপনি
সহিব লাগিব দুখৰ বিননি
অতিক্ৰম কৰিব লাগিব কন্টকময় দীঘলীয়া বাট।
তেহে লঠঙা ডালত সেউজীয়াবোৰ আকুলে পোখাব
সময়েও নিৰৱে বাগৰ সলাব,
নিষ্ঠুৰতাৰ ডাৱৰ ভাঙি গুঞ্জৰিত হ’ব
টোপ টোপ শব্দৰ সুমধুৰ স্বৰ
দুওঁঠত সুৰ তুলি হৃদয়জুৰি বাজিব আজীৱন
জীয়াই থকাৰ সংগ্ৰাম—-জীৱনৰ গান।‌