দীচেন গগৈ
সভাপতি, চৰাইদেউ জিলা কবি সন্মিলন
সমগ্ৰ পৃথিৱীৰ বিল আৰু জলাশয়ত
দেখাপাওঁ কাকলি মুখৰ এজাক পৰিভ্ৰমী পক্ষী
ভাবৰ জলৰাশিৰ উৰ্মিমালাত চঞ্চলা হয় মোৰ মন,
জীৱন বীণাই ৰাগিনী তুলি
মগ্ন আত্মা উজ্জ্বীৱিত কৰি,
শত শত অগ্নিশিখাৰে এঙামুৰি ভাঙিছে—–
তোমাৰ ঘ্ৰানেন্দ্ৰীয় স্পৰ্শ কৰি
ধ্বনিত হয় অন্য এক যুগৰ ধ্বনি,
প্ৰকৃতিৰ নৈসৰ্গিক দৃশ্যত আপ্লুত ,
তোমাৰ বিচাৰ বুদ্ধিৰ জখলা বগাই মৌন বনৰ কুঞ্জ এৰি
নীলাভ ৰহন ,
এতিয়া মাথোন শূন্য হৃদয়,
জীৱনহীন অস্থিপুঞ্জৰে
খুলি থওঁ
চকুবোৰ,নাকবোৰ,কাণবোৰ
গছত মেলিছে মখ-মলৰ নতুন সাজ ,
হেৰাই গৈছে আমাৰ গাৱঁৰ
ঢেকীৰ মাত,
বিলুপ্তিৰ পথত সেউজীয়া ঘাহঁনি ,
তেতিয়াই জাগ্ৰত হয়
উতলা দুখৰ অনুভূতি——–!!
