জয় কুমাৰ দলে
চিনাকি চহৰৰ অচিনাকি গলিৰ
এন্ধাৰৰ মাজত
অনৰ্গল প্ৰেমৰ সংলাপ
প্ৰগলভা ৰাতিৰ নীৰৱ কোৰ্হাল
কামনাৰ পূৰ্ণতা বিচাৰি আবেগৰ মিছিল
ড্ৰিম লাইটৰ পোহৰবোৰ ঘৃণাত উপঙি আছে
ৰাতিৰ ফুচফুচনিত
আন্ধাৰে উজাগৰে গান গায়
চহৰৰ অলিয়ে গলিয়ে
ৰেস্তোৰাৰ চুকে-কোণে
প্ৰেমৰ যুগলবন্দীৰ বিপনী
পৰগামিনীৰ অন্তৰংগ আলাপ
কমনীয় ভাষাৰ ভালপোৱা
কলিজাৰ বিজতৰীয়া উশাহ।
