মানসী গগৈ, মৰাণ

ভ্ৰাম্যভাষ-৭০০২৯০৯৭০৮

যেতিয়া ধনুখন থাকে
মোনাত বাটলু গুটি
বনৰ চৰাইবোৰ মাৰে
মনৰ চৰাইবোৰ মাৰে
তেওঁৰ হাত পোন আৰু চোকা

চৰাইবোৰৰ বাবে কান্দো
বাধা দিবলৈ গৈ আহত হওঁ

সকলোৰে দিন একেদৰে নাযায়
মোৰ চৰাইবোৰক মই এখন অৰণ্য দিওঁ
সেইকেদিন মই উতলা হৈ থাকোঁ
মোৰ অৰণ্যৰ আটাইবোৰ চৰাইৰ ডেউকা লাগি মোক উৰুৱাব খোজে
তাত লুকাই থাকে মোৰ বহুতো চৰাই হেৰাই যোৱাৰ অতল দুখ

তেওঁৰ ধেনু চিঙে মোনা খালি
মুখা পিন্ধি তেওঁ হৈ উঠে চৰাইৰ প্ৰেমিক
কোৱা সাজি লোৱা অৰণ্যত কিমানদিন জীয়াই থাকিব চৰাই

তেওঁৰ চিকাৰী মনে
মন বাটলুগুটিৰে, মন ধনুৰে
গুটিয়াই থাকা মোৰ অৰণ্যত
মই চৰাইৰ হৈ শিকো উৰণ
মোৰ ডেউকাত লৈ নিৰাপদে ৰাখোঁ
মোৰ অৰণ্যত
ভোল নাযাওঁ চলাহী কথাত।