মেদিনী মোহন বৰুৱা,চিলাপথাৰ
ভ্ৰাম্যভাষ-৭০০২৭৫০৭৭৫

সোঁৱৰণীৰ এপিয়লা চাহ
ধূসৰিত আবেগৰ হেজাৰটা আবেলি
বিষণ্ণতাৰ তুলাচনীত সঞ্চিত হয়
পোৱাৰ হিচাপ… নোপোৱাৰ হুমুনিয়াহ

ৰৈ থকা বেলিৰ তগ্‌মগ্‌ কলিজাত
প্রোথিত হোৱা এবুকু সুবাস
বৈ থকা নদীৰ বিহগী বন্যাত
পৰি ৰোৱা পলসৰ কেতেকী বিষাদ

জোন হৈ জ্বলে কোন… ছাই হৈ উৰে কোন
ফুল হৈ ফুলে কোন… তৰা হৈ কান্দে কোন

সপোন… মাথোঁ সপোন

সপোনবোৰ বেবিলনৰ বাগিচা
ওলমি থকা নির্জনতাৰ সুখ
আড়ষ্টতাৰ শেৱালি ছিঙি
উচুপি থকা কজলা দুখ… নোকোৱা কথাৰ পুৰণি অসুখ

স্নিগ্ধ সন্ধিয়াৰ শাৰদী সুবাসত
উদ্ভাসিত হয নৈশব্দৰ কথকতা
জোনাকী ৰাতিৰ আলফুল পৰশত
কাটি হৈ পৰি থকা শেতেলিৰ মাদকতা

আৰু সময়বোৰ ??

সময়বোৰ পানীগছা
ঢৌ হৈ খেলে.. বৰষুণ হৈ সৰে
নিস্তব্ধ কুহেলিকাৰ পৰিধি ভাঙি
দি যাব খোজে শাওনৰ বান… আঘোণৰ ধান
সোঁৱৰণ সময়ৰ এহালিচা গান

হেৰুৱা বসন্তৰ বৈ যোৱা তান …।।