শ্যামন্ত পায়েং
সম্পাদক ,মাজুলী জিলা কবি সন্মিলন
মোৰ পূৰ্বজে নদীখন বুকুত থাপি ভীষ্ম শপত খাই থৈছে
যে সূৰ্য থকালৈকে নদীখনৰ ছাঁটো পিন্ধি জীয়াব প্ৰজন্ম।
এয়া শেষ টোপাল তেজ লৈ আমি নদীক খামুচি আছোঁ।
বাকীবোৰ ৰক্ত কণিকা বানপানীত উটি গ’ল।
জীৱনটো যেন এক ৰছী টনা অথবা পাৰপানী খেল।
জিকি জিকিও হাৰি হাৰি ভটিয়াই আমাৰ আয়ুস
কত শ্ৰম, কত দুৰ্ভোগ, শ্লেষ সহন কৰিছোঁ প্ৰতিনিয়ত
এনেদৰেই প্ৰজন্মৰ পিছত প্ৰজন্মই পৰাজয়ৰ গ্লানি গিলি
সংগোপনে সমাজিকবোৰক হানি খুচি হত্যা কৰে।
অবিৰাম যুদ্ধৰ আন এটা নাম হওক নৈপৰীয়া।
নদীখনে পথাৰবোৰ উচ্ছেদ কৰে। তাত বালিঘৰ সাজে
ধাৰ কৰা আকাশৰ ৰঙেৰে বৰণ সলাই সেউজীয়া
দেউতাৰ তাগজ সোণগুটি অন্তৰ্ধান হয় সন্তাপত,
দেউতা বৰফ হৈ গলি গলি এতিয়া মাটি হৈ পৰিল।
ইমানতো নদীৰ তপত ছাঁত আমি তিলতিলকৈ জী আছোঁ।
নদী আৰু ৰাজনীতিৰ বিশেষ তফাৎ এটাই—
নদী স্বৈৰতন্ত্ৰ আৰু ৰাজনীতিত থাকে মৃত গণতন্ত্ৰ
আহিনৰ নদীখনে জোনটো ধাৰণ কৰি দাপোনমতী হয়
তাকে দেখি মতলীয়া কবিয়ে সৌন্দৰ্যৰ দস্তাবেজ লিখে
বৰবানৰ চাকনৈয়াৰ গৰ্জনত মই নিৰ্বাক হৈ পৰোঁ। আৰু
শব্দহীন তাড়না এটাই মোৰ কাব্যিক চেতনাক চিতাত তোলে
আনকি বাৰিষাৰ ৰাতি অৰুন্ধতীক মনত পেলাই
অতীত সোঁৱৰি লিখিব নোৱাৰোঁ বিষাদ গাঁথা
অ’ মোৰ আকলুৱা প্ৰেম, তুমি নিৰ্দোষী
যন্ত্ৰণাৰ তাপত শিল হৈ যোৱা মোৰ হৃদয়ত
তুমি কেনেকৈ ফুলিবা এপাহী ৰঙা গোলাপ হৈ
এবুকু নীলাকে সাৱটি জীয়াই থাকিম দিয়া।
আমাৰ এই চুক্তি অৱধাৰিত
