নয়নদীপ দত্ত,মাছখোৱা


মানুহবোৰৰ মাজত
ঘৰবোৰো সোমাই থাকে
মানুহৰ ঘৰ
ঘৰৰ মানুহ।

মনবোৰৰ মাজতো
কুৰুকি কুৰুকি সোমাই থাকে
এখন ঘৰ
মনৰ ঘৰ।

ঘৰ সাজিব খোজা
বাসনাটো আদিম
হেপাঁহৰ ঘৰ
নিজৰ ঘৰ।

ঘৰ এখন থকাতো দৰকাৰ
সুখৰ ঘৰ
সপোনৰ ঘৰ।

ঘৰৰ মাজত থকা ঘৰ
কোঠাৰ মাজত থকা কোঠা
কৰ’বাত দুৱাৰ
কৰ’বাত খিৰিকী

ঘৰৰ ওচৰতো ঘৰ
মনৰ ওচৰতো ঘৰ।

নিতালমাৰি পৰি থকা
কোলাহলত ডুবি থকা
আমাৰ ঘৰ
তোমাৰ ঘৰ

মানুহৰ ঘৰৰ দৰেই
প্ৰকৃতিও এখন ঘৰ।।