অমিলতা টায়ে মিলি,চিলাপথাৰ

ভ্ৰাম্যভাষ- ৯৬৭৮২৩২০০৩

দোকমোকালিতে আইৰ বাঢ়নীৰ শব্দ
লয় ;তাল ছন্দবোৰ নূপুৰৰ দৰে
টুপুক টুপুককৈ নাদৰ পানী তোলাৰ উমান
হয়তো বাহি-বন সামৰি স্নানৰতা আই
বেৰৰ জলঙাইদি ৰ’দালিয়ে ভূমুকিয়াইছে
হাঁহ পাৰ কুকুৰাৰ খলকনি সংগীতৰ দৰে
চিনাকি শব্দ আইৰ খাৰুৰ ঝন্‌ঝননি
আপোনজনৰ বাবে হেঁপাহ আয়োজন
পিতাইৰ উগাৰৰ শব্দ পৰিতৃপ্তৰ চাৱনি
আইৰ হাঁহি কাঁচিজোনৰ দৰেই মোহনীয় ৷
ঘৰৰ মূধচত পাৰৰ ৰুণ ; চালত কোমোৰা
পিৰালিত কণ জলকীয়া আৰু বেঙেনা
আইৰ যাদুকৰী দুহাতৰ নমুনা
দেখিলেই হিয়ামন জুৰায় ৷
বৰষুণৰ আগমনত কেঁচা মাটিৰ সুগন্ধি
নাকৰ আগেদি উজাই আহে
আপোন পাহৰা স্মৃতি জৰ্জৰিত দেহমন
যান্ত্ৰিকতাৰ আৱেষ্টনীত বিচাৰি নাপাওঁ
তই ; মই ; আমি শব্দবোৰ
উৰুৱাই নিলে নেকি অচিনাকি কলীয়া ডাৱৰে
হেল্ল’ হাই শব্দত নাই আন্তৰিকতা
মাথোঁ ওফন্দি উঠে কৃত্ৰিমতাৰ ঢৌ ৷
আকৌ বিচাৰি পামনে বাৰু
আদৰুৱা হেঁপাহ ; নিভাঁজ ভাৱনা
কুঁৱলীৰ আঁৰতো বিচাৰি পোৱা সৰলতা।