তোষেশ্বৰ মিৰি আগৰৱালা
ৰুৱাদ দলুং ,জোনাই, ধেমাজি
গাঁওৰ কিনাৰেদি বৈ যোৱা
শীর্ণ নৈখনিৰ নিৰৱতাত
কি মায়া আছে?
মোৰ উদং অন্তৰলৈ অজানিতে বৈ আহে
নিৰৱতাৰ পৰা নৈৰ জিৰিজিৰি গান
চৰাইৰ কিচিৰি মিচিৰি মাত
আৰু এটি ৰিণিৰিণি সুৰ
একা-বেঁকা নৈখনিৰ আজন্ম সহচৰ হ’বলৈ
কচৰৎ কৰা নদীয়াল মানুহটোৰ সুহুৰিৰ দৰে মই তধা লাগি চাওঁ
টুলুঙা নাৱখনক ইমান সহজে ঘুৰাই
পিঠিত ৰং সানি সাঁতুৰি ফুৰা মাছবোৰ
অলপো লৰা-ঢপৰা কৰা নাই
বাহ্ ইমান জানে
তাৰ পাছত
পলস গোন্ধোৱা বতাহত মুখখন গুঁজি
উশাহ লৈ হাঁহে
অকলে কথাও পাতে
এয়া প্রলাপ নে আত্মকথন নাজানো
কিন্তু তাৰ চকু-মুখত বিচাৰি পাওঁ
পৃথিবীক ভাল পোৱাৰ এটি অমল সংজ্ঞা।
