ড° প্ৰান্তিকা শৰ্মা

মাটিবোৰত ভূগোলে নাম লিখি থয়-

বুৰঞ্জীয়ে লিখি থয় মাটিৰ পৃথিৱীৰ সীমায়ে সীমায়ে

জয় পৰাজয়ৰ কাহিনী৷

কবিতাবোৰে অতিক্ৰম কৰে সেই সীমা,

বুকুৰ নঙলা খুলি

নোসোধাকৈয়ে উভালি পেলায়

বিদেশৰ জেওৰা জপনা৷

আহক, ‘কবিতাৰ নানা দেশ কবিতাৰ নানা ভেশ’ শিতানত ভৌগলিক পৰিসীমা নিৰ্বিশেষে আলাপ কৰো কবি আৰু কবিতাৰ৷

এই সংখ্যাৰ বিষয়-

 

ৰবীন্দ্ৰনাথ আৰু ৱৰ্ডছৱৰ্থৰ কবিতাত প্ৰকৃতিৰ ৰূপ: এক বিহংগম দৃষ্টি

প্ৰকৃতি আৰু মানুহৰ চিৰন্তন সম্পৰ্কক লৈ বিশ্ব সাহিত্যত চৰ্চিত নামবোৰৰ  ভিতৰত উইলিয়াম ৱৰ্ডছৱৰ্থ আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ নাম অন্যতম। এজন আছিল ভাৰতীয় নৱজাগৰণৰ হোতা বিশ্বকবি, যাৰ বাবে গংগাৰ পাৰ আৰু শান্তিনিকেতনৰ মুকলি আকাশ আছিল পৰমাত্মাৰ লীলাভূমি। আনজন আছিল ইংৰাজ ৰোমান্টিক যুগৰ অন্যতম পথপ্ৰদৰ্শক, যাৰ বাবে লেক ডিষ্ট্ৰিক্টৰ পাহাৰ-নিজৰা আছিল একো একোখন ধৰ্মপুথি। বিশ্বসাহিত্যৰ ইতিহাসত প্ৰকৃতি, আধ্যাত্মিকতা আৰু মানৱচেতনা গভীৰভাৱে প্ৰকাশ কৰা কবিসকলৰ ভিতৰত এই দুয়োজনেই বিশেষ স্থান অধিকাৰ কৰিছে।

          ৰবীন্দ্ৰনাথ ঠাকুৰে উনবিংশ আৰু বিংশ শতিকাৰ সন্ধিক্ষণত ভাৰতীয় সাহিত্যত এক নতুন দৃষ্টিভংগী আগবঢ়াইছিল। তেওঁৰ কাব্যত ভাৰতীয় আধ্যাত্মিকতা, উপনিষদীয় চিন্তা আৰু আধুনিক মানবতাবাদৰ এক সুন্দৰ সমন্বয় দেখা যায়। যাৰবাবে তেওঁৰ বিখ্যাত কাব্যগ্ৰন্থ ‘গীতাঞ্জলি’ৰ বাবে তেওঁ ১৯১৩ চনত লাভ কৰিছিল সাহিত্যৰ নবেল বঁটা৷

উইলিয়াম ৱৰ্ডছৱৰ্থ অষ্টাদশ শতিকাৰ শেষ আৰু উনবিংশ শতিকাৰ আৰম্ভণিত ইংলেণ্ডত উদ্ভৱ হোৱা Romantic Movement ৰ অন্যতম নেতা আছিল। ৰোমাণ্টিক কবিসকলে শিল্পায়ন আৰু যান্ত্ৰিক জীৱনৰ বিপৰীতে প্ৰকৃতি, অনুভূতি আৰু ব্যক্তিগত স্বাধীনতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ৱৰ্ডছৱৰ্থৰ কবিতাত এই আন্দোলনৰ মূল বৈশিষ্ট্যসমূহ স্পষ্টভাবে প্ৰতিফলিত হৈছে।

যদিও দুয়োজন কবিৰ সাংস্কৃতিক আৰু ঐতিহাসিক পটভূমি ভিন্ন, তথাপি তেওঁলোকৰ কবিতাত প্ৰকৃতিৰ প্ৰতি গভীৰ অনুৰাগ আৰু মানৱজীৱনৰ অৰ্থ সন্ধানৰ এক মিল দেখা যায়। সেইদিশৰ পৰা তেওঁলোকৰ কবিতাৰ তুলনামূলক অধ্যয়নে সাহিত্যচর্চাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব বহন কৰে।

ৱৰ্ডছৱৰ্থৰ কবিতাৰ অন্যতম মূল বৈশিষ্ট্য হৈছে প্ৰকৃতিৰ প্ৰতি গভীৰ অনুৰাগ। তেওঁৰ মতে প্ৰকৃতি মানুহৰ নৈতিক আৰু আধ্যাত্মিক বিকাশৰ এক গুৰুত্বপূৰ্ণ উৎস। “Lines Composed a Few Miles above Tintern Abbey” কবিতাত তেওঁ লিখিছে—

“A sense sublime

Of something far more deeply interfused,

Whose dwelling is the light of setting suns,

And the round ocean and the living air।”

            এই পংক্তিত কবিয়ে প্ৰকৃতিক এক সর্বব্যাপী শক্তি হিচাপে অনুভৱ কৰিছে। প্ৰকৃতি তেওঁৰ বাবে শিক্ষক, বন্ধু আৰু আত্মিক শান্তিৰ উৎস।ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতাতো প্ৰকৃতিয়ে এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰে। কিন্তু তেওঁৰ প্ৰকৃতি-চেতনা ৱৰ্ডছৱৰ্থতকৈ অধিক আধ্যাত্মিক। গীতাঞ্জলিত তেওঁ লিখিছে—

“আমার এই দেহখানি তুলে ধর

তোমার ওই দেবালয়ের প্রদীপ করো।

নিশিদিন আলোকশিখা জ্বলুক গানে।”

এই পংক্তিত ব্যক্তিমানৱৰ জীৱনক বিশ্বআলোকেৰে আলোকিত কৰাৰ এক আধ্যাত্মিক কল্পনা প্ৰকাশ পাইছে। সেয়েহে কব পাৰি যি ক্ষেত্ৰত ৱৰ্ডছৱৰ্থৰ কবিতাত প্ৰকৃতি ব্যক্তিমানসৰ অনুভূতি আৰু নৈতিক শিক্ষাৰ উৎস সেইক্ষেত্ৰত ৰবীন্দ্ৰনাথৰ কবিতাত প্ৰকৃতি বিশ্বচেতনা আৰু ঐশ্বৰীয় শক্তিৰ প্ৰতীক৷

           ৱৰ্ডছৱৰ্থৰ বাবে প্ৰকৃতি আছিল নগৰীয়া যান্ত্ৰিকতাৰ পৰা মুক্তিৰ এক আশ্ৰয়স্থল। ১৮ শতিকাৰ ঔদ্যোগিক বিপ্লৱৰ সময়ত যেতিয়া মানুহ যন্ত্ৰৰ দৰে হৈ পৰিছিল, তেতিয়া তেওঁ প্ৰকৃতিৰ কোলাত শান্তি বিচাৰি পাইছিল। তেওঁৰ মতে, প্ৰকৃতি কেৱল জড় বস্তু নহয়, ই হ’ল ‘Living Presence’।

​              আনহাতে, ৰবীন্দ্ৰনাথৰ প্ৰকৃতিপ্ৰীতি উপনিষদৰ দৰ্শনেৰে পুষ্ট। তেওঁ বিশ্বাস কৰিছিল যে গোটেই বিশ্বব্ৰহ্মাণ্ডৰ মাজত এক অন্তৰ্নিহিত ঐক্য আছে। মানুহ প্ৰকৃতিৰ পৰা বিচ্ছিন্ন নহয়, বৰঞ্চ প্ৰকৃতিৰেই এটা অংশ।

 প্ৰকৃতিক এজন ধৰ্মগুৰু বা অভিভাৱকৰ দৰে বিশ্বাস কৰি ৱৰ্ডছৱৰ্থে কবিতাৰে প্ৰতিপন্ন কৰিছিল যে গছ-লতা, পাহাৰ-পৰ্বতৰ মাজত এক অন্তৰ্নিহিত চৈতন্য আছে। তেওঁৰ ‘The Prelude’ কাব্যগ্ৰন্থত কৈছে কেনেকৈ প্ৰকৃতিয়ে তেওঁক শৈশৱৰ পৰা এক নৈতিক অনুশাসনৰ মাজত ডাঙৰ-দীঘল কৰিছিল। তেওঁৰ বিখ্যাত উক্তি হ’ল— “Nature is the mirror of God.”

তেওঁ লিখিছে-   “Nature never did betray

The heart that loved her; ’tis her privilege, Through all the years of this our life, to lead From joy to joy…”

ৰবীন্দ্ৰনাথৰ বাবে প্ৰকৃতি আছিল পৰমাত্মাৰ লীলাভূমি। তেওঁৰ কবিতাত প্ৰকৃতি কেৱল নিৰপেক্ষ নহয়, বৰঞ্চ মানুহৰ সুখ-দুখৰ সমভাগী। তেওঁৰ ‘বসুন্ধৰা’ কবিতাত উল্লেখ কৰিছে যে এই পৃথিৱীৰ মাটি আৰু মানুহৰ তেজৰ মাজত একেই স্পন্দন আছে। ‘সোণাৰ তৰী’ কবিতাত তেওঁ এই আত্মীয়তাক এনেদৰে প্ৰকাশ কৰিছে-

“ওগো মা মৃন্ময়ী,

তোমার মৃত্তিকা-মাঝে ব্যাপিয়া রয়েছি;

তোমার মৃত্তিকা মোর দেহে গিয়াছে মিশিয়া।”

    দেখা যায় যে দুয়োজন কবিয়েই শৈশৱ আৰু প্ৰকৃতিৰ মাজত এক ঐশ্বৰিক আলোকৰ সন্ধান কৰিছিল৷ ৱৰ্ডছৱৰ্থে তেওঁৰ বিখ্যাত ‘Ode: Intimations of Immortality’ কৈছে যে শিশুৱে জন্মৰ সময়ত স্বৰ্গীয় আলোক লৈ আহে, কিন্তু বয়স বঢ়াৰ লগে লগে পৃথিৱীৰ মায়াই সেই পোহৰ ধিমিক-ধামাক কৰি পেলায়। অৰ্থাৎ শিশুৱে জগতক যি পৱিত্ৰতাৰে চায় বয়স বঢ়াৰ লগেলগে মানুহে সেই দৃষ্টি হেৰুৱাই পেলায়৷

Heaven lies about us in our infancy!

Shades of the prison-house begin to close Upon the growing Boy…”

ঠিক একেধৰণৰ চিন্তাৰে ৰবীন্দ্ৰনাথেও শিশুৰ সৰলতাক বিশ্ব-জগতৰ ৰহস্যৰ চাবিকাঠি বুলি ভাবিছিল। তেওঁৰ ‘শিশু’ কাব্যগ্ৰন্থৰ ‘জন্মকথা’ কবিতাত এজনী মাতৃয়ে সন্তানক কৈছে: ​

“খোকা বলে, ‘আমায় তুমি পেলে কোথা হতে?

‘ মা বলে তারে হেসে কেঁদে খোকা রে মোর বুকে ধরে— ইচ্ছা হয়ে ছিলি মনের মাঝারে।”

     প্ৰেম আৰু মৃত্যুক লৈ দুয়োগৰাকী কবিৰ দৃষ্টিভংগী আছিল অতি উচ্চ পৰ্যায়ৰ। তেওঁলোকে মৃত্যুক ভয় নকৰি এক মহান মিলনৰ অংশ হিচাপে গ্ৰহণ কৰিছিল। ৱৰ্ডছৱৰ্থৰ বাবে প্ৰেম আছিল এক শান্ত আৰু স্নিগ্ধ অনুভৱ, যিটো তেওঁৰ ‘লুচি’ (Lucy) ছিৰিজৰ কবিতাসমূহত দেখা যায়। ৱৰ্ডছৱৰ্থে তেওঁৰ পত্নী মেৰীৰ বাবে লিখা কবিতা ‘She was a Phantom of Delight’-ত কৈছে-

​”A perfect Woman, nobly planned,

To warn, to comfort, and command;

And yet a Spirit still, and bright

With something of angelic light.”

আনহাতে ৰবীন্দ্ৰনাথৰ প্ৰেম আছিল বিৰহ আৰু মিলনৰ এক ছন্দোময় যাত্ৰা। তেওঁৰ বাবে প্ৰেম হ’ল সীমাৰ মাজত অসীমৰ সন্ধান। প্ৰেম হ’ল অন্তহীন বিৰহ আৰু মিলনৰ এক ছন্দ। তেওঁৰ ‘মানসী’ কাব্যগ্ৰন্থৰ ‘অনন্ত প্রেম’ কবিতাত তেওঁ লিখিছে-

​”তোমারেই যেন ভালোবাসিয়াছি শত রূপে শত বার জনমে জনমে যুগে যুগে অনিবার।”

​              প্ৰেমৰ ক্ষেত্ৰত ৱৰ্ডছৱৰ্থৰ কবিতাতকৈ ৰবীন্দ্ৰনাথৰ কবিতা অধিক আৱেগিক আৰু বৈচিত্ৰ্যপূৰ্ণ৷ তথাপিও এই কথা অনস্বীকাৰ্য যে দুয়োজনৰ প্ৰেমৰ মুল ভিত্তি আছিল পৱিত্ৰতা৷

                    মৃত্যু সম্পৰ্কে দুয়োজন কবিৰ ধাৰণা আছিল অতি উচ্চ পৰ্যায়ৰ। তেওঁলোকে মৃত্যুক সমাপ্তি বুলি ভবা নাছিল, বৰঞ্চ প্ৰকৃতিৰ বুকুত বিলীন হোৱাৰ এক মাধ্যম বুলিহে জ্ঞান কৰিছিল। ৱৰ্ডছৱৰ্থে তেওঁৰ ‘Lucy Poems’ ৰ অন্তৰ্গত এটা কবিতাত তেওঁৰ প্ৰিয়তমা লুচিৰ মৃত্যুৰ পিছত তাই কেনেকৈ প্ৰকৃতিৰ অংগ হৈ পৰিছে, তাৰ বৰ্ণনা দিছে-

“No motion has she now, no force;

She neither hears nor sees;

Rolled round in earth’s diurnal course,

With rocks, and stones, and trees.”

ৰবীন্দ্ৰনাথৰ বাবে মৃত্যু হ’ল এক নতুন যাত্ৰাৰ আৰম্ভণি। তেওঁ মৃত্যুক ‘শ্যামসমান’ বুলি সম্বোধন কৰিছে। ‘গীতাঞ্জলি’-ত তেওঁ লিখিছে-

​”মরণ রে, তুঁহু মম শ্যামসমান।

মেঘবরণ তুঁহু, মেঘজটাজুট,

রক্ত কমল করতল শোভন,

মুক্তবন্ধ বিকচ শয়ান।”

এই কথা উল্লেখ কৰিবই লাগিব যে দুয়োগৰাকী কবিৰ কবিতাত আমি বিশ্বমানৱৰ জয়গান শুনিবলৈ পাওঁ৷ ফৰাচী বিপ্লৱৰ আদৰ্শই ৱৰ্ডছৱৰ্থক প্ৰভাৱিত কৰিছিল, যাৰ ফলত তেওঁ ৰাজকীয়তা পৰিহাৰ কৰি সাধাৰণ গ্ৰাম্য জীৱনক কবিতাৰ বিষয় কৰি লৈছিল।’Lyrical Ballads’ ৰ জৰিয়তে তেওঁ সাধাৰণ মানুহৰ ভাষাৰে কবিতা লিখিবলৈ আহ্বান জনাইছিল। তেওঁৰ ‘The Solitary Reaper’ কবিতাটো ইয়াৰ শ্ৰেষ্ঠ উদাহৰণ য’ত প্ৰতিফলিত হৈছে সাধাৰণ মানুহৰ জীৱনৰ সৰলতা-

“Behold her, single in the field,/ yon solitary Highland Lass!/ Reaping and singing by herself”

একেদৰে ৰবীন্দ্ৰনাথেও প্ৰান্তীয় মানুহৰ দুখ-বেদনা অনুভৱ কৰিছিল। ৰবীন্দ্ৰনাথে ‘ধূলামন্দিৰ’ কবিতাত ঈশ্বৰক মন্দিৰত নহয়, বৰঞ্চ কষ্ট কৰা মানুহৰ মাজত বিচাৰি পাইছিল-

​”তিনি গেছেন যেথায় মাটি কেটে করছে চাষা চাষ, পাথর ভেঙে কাটছে যেথায় পথ।

খাটছে বারো মাস।”

তেওঁ ঈশ্বৰক মন্দিৰত সীমাবদ্ধ নকৰি জীৱনৰ কৰ্মক্ষেত্ৰ আৰু সাধাৰণ মানুহৰ মাজত সন্ধান কৰা এই কাব্যত নিসন্দেহে মানৱতাৰ জয়গান ধ্বনিত হৈছে৷

                    বিশ্বকবি ৰবীন্দ্ৰনাথ আৰু উইলিয়াম ৱৰ্ডছৱৰ্থ এই দুয়োজন বিশ্বখ্যাত কবিৰ সাংস্কৃতিক আৰু ঐতিহাসিক পটভূমিৰ ভিন্নতা থাকিলেও তেওঁলোকৰ কবিতাত প্ৰকৃতি আৰু মানুহৰ এক চিৰন্তন আৱেগিক সম্পৰ্ক চিত্ৰায়িত হৈছে৷ ৱৰ্ডছৱৰ্থে পুৰণি জটিল কাব্যশৈলী ত্যাগ কৰি সহজ আৰু স্বাভাৱিক কথ্যভাষা (simple language of common men) ৰ ব্যৱহাৰৰ পোষকতা কৰিছিল৷ তেওঁৰ মতে কবিতা হৈছে “the spontaneous overflow of powerful feelings recollected in tranquility”

আনহাতে ৰবীন্দ্ৰনাথেও বঙালী কবিতাক সংস্কৃতৰ গাম্ভীৰ্যতাৰ পৰা মুক্ত কৰি অধিক সহজ সৰল আৰু সংগীতময় কৰি তুলিছিল৷  অৱশ্যে ৰবীন্দ্ৰনাথৰ কবিতাৰ ভাষা সংগীতধৰ্মী হোৱাৰ লগতে কাব্যময় আৰু দাৰ্শনিক গভীৰতাৰে সমৃদ্ধ৷

সাহিত্য সমালোচকসকলৰ মতে ৱৰ্ডছৱৰ্থৰ কবিতাই ইংৰাজী সাহিত্যত প্ৰকৃতি-চেতনা আৰু ব্যক্তিমানসৰ গভীৰ অনুভূতি প্ৰকাশৰ এক নতুন দিশ উন্মোচন কৰিছিল। তেওঁৰ কবিতাই ৰোমাণ্টিক সাহিত্যৰ বিকাশত বিশেষ ভূমিকা পালন কৰে।

আনহাতে ৰবীন্দ্ৰনাথৰ কবিতাত পূৰ্বীয় আধ্যাত্মিকতা, মানবপ্ৰেম আৰু বিশ্বমানৱতাৰ এক অনন্য সমন্বয় দেখা যায়। তেওঁৰ কাব্যচিন্তাই বিশ্বসাহিত্যত এক নতুন মানৱতাবাদী দৃষ্টিভংগীৰ সৃষ্টি কৰিছে।

তেওঁলোকৰ মাজত এক গভীৰ ‘আধ্যাত্মিক আত্মীয়তা’ বিৰাজমান। এজন আছিল পশ্চিমীয়া ৰোমান্টিক যুগৰ স্বপ্নদ্ৰষ্টা আৰু আনজন আছিল প্ৰাচ্যৰ উপনিষদীয় দৰ্শনৰ আধ্যাত্মিক সাধক।পশ্চিমীয়া ৰোমাণ্টিক সাহিত্যৰ ধ্বজাবাহক প্ৰকৃতিৰ কবি উইলিয়াম ৱৰ্ডছৱৰ্থ আৰু প্ৰাচ্যৰ আধ্যাত্মিক দৰ্শনৰ আধুনিক ৰূপকাৰ বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ অমৰ কাব্যসৃষ্টিয়ে পৃথিৱীৰ সৰ্বকালৰ সৰ্বমানৱক পৰিতৃপ্ত কৰি ৰাখিব৷ ভাষা বা ভৌগোলিক সীমাতকৈ কবিতাৰ অন্তৰ্নিহিত সত্য সাৰ্বজনীন৷