ড০ বিভা দত্ত নেওগ 

ফোঃ ৯৪৩৫৫১৭৪০৪

 

          ধেমাজি জিলা কবি – সন্মিলনৰ ত্ৰৈমাসিক ই – কাব্যালোচনী ‘আঙনি’ ৰ প্ৰথম বছৰ প্ৰথম সংখ্যাৰ আধাৰত মুখ্য সম্পাদকৰ অনুৰোধমৰ্মে আষাৰ – চেৰেক কথা আগবঢ়ালোঁ। সংকলনটিত মুঠ পঞ্চাশটা কবিতা প্ৰকাশ পাইছে । প্ৰথমে উল্লেখ কৰিব বিচাৰিছোঁ, উদ্ভৱ কালৰপৰা বৰ্তমানলৈকে বোধহয় কবিতাৰ এটা সৰ্বজনগ্ৰাহ্য সংজ্ঞা বা সূত্ৰ ওলোৱা নাই অথচ কবিতাৰ সৃষ্টিপ্ৰক্ৰিয়া আৰু কবিতাৰ বিচাৰ – বিশ্লেষণৰো অন্ত পৰা নাই । নদী যেনেকৈ পাহাৰৰ গৰ্ভতে সৃষ্টি হৈ  ভৈয়াম পৰশি শিলনীৰ বুকুৰে বাগৰি অকোৱা – পকোৱা গতিৰে সমুদ্ৰলৈ গমন কৰে ঠিক তেনেকৈ কবিৰ চৈতন্য  বোধ আৰু বুদ্ধি পৰশি  হৃদয়ৰ নিভৃতত শংখধ্বনি বজাই অনুভৱ – অভিজ্ঞতাৰ সুৰংগৰে গমন কৰে  হৃদয়ৰ পৰা হৃদয়লৈ । কবিতাৰ ক্ষেত্ৰত সৃজন – মনন আৰু  হৃদয়ৰ গহণ কোণৰ পৰা নিজৰি নিজৰি বৈ অহা আৱেগমিশ্ৰিত ভাৱনাবোৰ  প্ৰতীকী  ৰূপত উদ্ভাসিত হয়। ভাৱনা যদি সাধনাৰ লগত একাত্ম হৈ থাকে তেতিয়াই আৱেগ আৰু আৱেগবাহী শব্দ বা বাক্যই সুবিন্যস্ত ৰূপসজ্জাৰ মাজেৰে মুক্তিৰ বাট বিচাৰি লয় । প্ৰকাশিকা শক্তিৰ অধিকাৰীজনৰ সৃজনশীল মনটোৱে  ভাষাৰ সুনিপুণ প্ৰয়োগৰ মাধ্যমেৰে কবিতা ৰচনা কৰে ।  ‘আঙনি’ৰ কবিতাও তাৰ ব্যতিক্ৰম নহয় ।

             কবিতা কেনেকৈ সৃষ্টি হয় ব কেনেকৈ লিখা হয় অথবা লিখা হয় নে নিৰ্মাণ কৰা হয় আদি বিবিধ প্ৰসংগ আজিকোপতি উত্থাপিত হৈ আহিছে যদিও ই  ৰহস্যৰ আৱৰ্ত্ততে ৰৈ গৈছে । সঠিক সূত্ৰ বা সমাধান নাই । এই ৰহস্যৰ আৱৰণ খোলা যেনেকৈ জটিল তেনেকৈ কবিতাৰ মান নিৰূপণ কৰাও  জটিল কাম । আপোনমনে  আৱেগ – অনুভৱক মুক্তি দিয়াৰ স্বাৰ্থতে কবিতা নামৰ হ্ৰস্বঅৱয়বী শিল্প বিধৰ সৈতে কবিৰ ঘনিষ্ঠতা গঢ়ি  উঠে । সেয়ে কবিতা কেতিয়াবা জীৱনৰ , কেতিয়াবা সময়ৰ আৰু কেতিয়াবা সমাজৰ ৰূপক হৈ উঠে । এই থূলৰ কবিতা পঢ়িও একে অনুভৱ হৈছে ।

             সৃষ্টি – প্ৰক্ৰিয়াৰ সৈতে নিৰ্মাণ – প্ৰক্ৰিয়াৰ সম্বন্ধ নিবিড়। যাৰ আধাৰ হৈছে ভাষা । ভাষা ভাব প্ৰকাশৰ প্ৰকৃত মাধ্যম ।  কবিতাৰ ক্ষেত্ৰত ভাষা এটা জনাটোৱেই শেষ কথা নহয় ; ভাষাটো ভাৱনাই দাবী কৰা অনুসৰি ব্যৱহাৰ কৰাটোহে আচল কথা । কেতিয়াবা মেঘৰ ওৰণি লৈ বেলিয়ে ভূমুকি মৰাৰ দৰে প্ৰতীক , চিত্ৰকল্পৰ আঁৰ লৈ কবিতাই  সহৃদয়ীৰ মন – আকাশত ভূমুকি মাৰে। সেয়া যদি সৌন্দৰ্য আৰু পুলকৰ এধানি উৎস হয় তাতেই পোহৰ পিয়াসী মানুহৰ তৃষা দূৰ হয়  অথবা কবিৰো কাব্য – ভাৱনাই মুক্তি লাভ কৰে । এনে প্ৰসংগতে ক’ব পাৰি ,  উৎকৃষ্ট কাব্য -ভাষাইহে কাব্য -ভাবনাক সফল মুক্তি দিব পাৰে । প’ল ভেলেৰীয়ে কোৱা কথা এষাৰ মনত পৰিছে —‘A poem is never finished’ . কবিতা স্বয়ংসম্পূৰ্ণ নহয় । এই সুৰতেই সুৰ মিলাই ক’ব পাৰি ,কবিতাৰ আৰম্ভণি আছে ; সমাপ্তি নাই । ‘আঙনি’ৰ কবিতাৰ ক্ষেত্ৰতো ক’ব পাৰি  কবিতাসমূহে সূচনা কৰা আৰম্ভণিৰো সমাপ্তি নাই  । কবিতাৰ স্বচ্ছ আকাশ চাবলৈ  আৰু চুবলৈ  মন – মগজু –  হৃদয়ক একাগ্ৰ কৰি ৰাখিব পৰাটোৱেই  কবিৰ ধৰ্ম ।

             আত্মপ্ৰকাশৰ হাবিয়াস থকাজনৰ সৃষ্টিশীল মনে কবিতাকে ভাব – অনুভূতি , চিন্তা -চেতনা কৰ্ষণৰ উৰ্বৰ ক্ষেত্ৰ হিচাপে নিৰ্বাচন কৰে । অৱশ্যে কবিতা লিখা আৰু ৰচনা কৰাৰ মাজত নিশ্চয় পাৰ্থক্য আছে ।  সূক্ষ্ম বিচাৰেৰে ক’ব পাৰি , কলাৰ অৱেদনযুক্ত কৌশলী- ৰচনাহে কবিতাৰ শাৰীলৈ উৰ্ত্তীৰ্ণ হয় ।  সাধনালদ্ধ শব্দৰ গাঁথনি আৰু ভাষাৰ চাতুৰ্য্যৰে ভাৱনাক ব্যঞ্জনামণ্ডিত আৰু পৰিশোধিত ৰূপ প্ৰদান কৰিবলৈ সক্ষম হোৱা প্ৰতিভাৱানজনৰ কবিতা অন্যজনতকৈ সফল হোৱা দেখা যায় ।

            অদৃশ্যক দৃশ্যমান ৰূপত  বা অপৰিচিতক পৰিচিত ৰূপত পাঠকৰ মনোজগতত তুলি ধৰিব পৰা গুণৰ অধিকাৰী হোৱা বাবে কবিৰ সৃষ্টিক্ষমতা  সাধৰণজনতকৈ পৃথক । সংক্ষিপ্ত আৰু ব্যঞ্জনাত্মক কাব্যিক – বাগধাৰাই কবিতাক বিশিষ্ট ৰূপ প্ৰদান কৰে । এই কবিতাথূলৰ মাজতো প্ৰেম,প্ৰকৃতি,সমাজ , সংস্কৃতিৰ ভিন্ন প্ৰসংগ ;  কল্পনাৰ কোমলতা আৰু বাস্তৱৰ নিৰ্মমতাৰ ছবি অনুভৱৰ আচ্ছাদনৰ মাজেৰে প্ৰতিফলিত হৈছে ।

             উল্লেখ্য ,  ভিন্ন সময়ত , ভিন্ন পটভূমি আৰু যুগৰ আহ্বানত কবিতাই ন ন বেশ -ভুষা  ধাৰণ কৰে । কবিতাৰ ৰূপান্তৰ ঘটিছে আৰু কবিতাও ৰূপান্তৰৰ সাক্ষী হৈ ৰৈছে । পাঠকৰ ৰুচিৰো পৰিৱৰ্ত্তন হৈছে । কোনোৱে যদি কবিতা লেখন – কলাৰ আটাইতকৈ সুকোমল আৰু সংক্ষিপ্ত ৰূপ বুলি আদৰ – সাদৰ কৰিছে , কোনোৱে হয়তো নিজৰ ভাৱনাৰ সৈতে মিল বিচাৰি পাই সংবেদনশীল  হৈছে , কোনোৱে হয়তো অনুভৱী  পাঠকৰ মনত উদ্দীপনা সৃষ্টি কৰি তৃপ্তি দিব পৰা গুণৰ কাৰণেই কবিতাৰ অনুৰাগী হৈছে । পাঠকেই কবিতাৰ নিৰ্ণায়কৰ ভূমিকা বহন কৰে । সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা কবিতা স্মৰণীয় হৈ ৰয় ।

 বিশ্বাস কৰোঁ  , হৃদয় উৰ্বৰ হৈ থকালৈকে কবিতাও উৰ্বৰ হৈ থাকিব আৰু  মানুহৰ অনুভূতিপ্ৰৱণ সত্তা বা  ৰুচি থকালৈকে কবিতাৰ আদৰ-সাদৰ থাকিব ।                     

             স্বৰূপাৰ্থত কবিতা শিল্প । আৱেগক প্ৰকাশ দান কৰিবলৈ যাওঁতে  শিল্পগুণ ৰক্ষা কৰাৰ স্বাৰ্থত সাধনাত ৰত হোৱাটোও কবিৰ কাম । ঠিক তেনেকৈ সুৱদী – সুৰীয়া অসমীয়া ভাষাটো   চৰ্চা – অনুশীলনৰ মাজেৰে  সুৰক্ষা দিয়াটোও গুৰুত্বপূৰ্ণ কাম।  ‘আঙনি’য়ে অসমীয়া ভাষা – সাহিত্য -সংস্কৃতিৰ ক্ষেত্ৰ উৰ্বৰ কৰি ৰখাত অৰিহণা যোগাবলৈ সক্ষম হওক । ‘আঙনি’লৈ বৰঙণি আগবঢ়োৱা কবিসকলৰ বহুজনৰ কবিতা সামাজিক মাধ্যমত , গ্ৰন্থ আদিৰ যোগে নিশ্চয় প্ৰকাশ হৈ আহিছে । কবিতাৰ অধ্যয়ন , অনুশীলন , চৰ্চা অব্যাহত থাকক ; সুৱদী – সুৰীয়া অসমীয়া ভাষা কাব্যিক – মহিমাৰে উজ্বলি থাকক । ‘আঙনি’ৰ দীৰ্ঘজীৱন কামনা কৰিলোঁ ।