ড° দেৱীনা পামেগাম
ধেমাজি


শুষ্ক ফাগুনৰ
ৰুক্ষ বসুন্ধৰা
বিতুষ্ট বতৰত
জীৱন পৰিক্ৰমা
মৈয়াই থোৱা পথাৰত
আশাৰ গঁজালি
প্ৰত্যাহ্বান নেওচি শস্য – শ্যামলা হৈ
উঠিব জানো ভৱিষ্যত সঁজালি
পলাশ ৰঙী সপোন আঁকি
আই – পিতায়ে মিলি জ্বলাব জীৱন চাকি
ধূলিয়ৰী বাটৰ আৱৰণ ফালি
মদাৰে দিবহি আবিৰৰ ৰং ঢালি
ফেঁহুবৰণীয়া নাহৰৰ নিৰিবিলি ছাঁত
কুঁহিপাতে মোকলাব বসন্তৰ বাট
আহক এজাক সপোন যেন বৰষুণ
লাগিলে পাতিব ভেকুলীৰ বিয়াখন
তিয়াই লৈ যাওঁক অসূয়া শূল
মানুহে বুজি উঠক প্ৰকৃতিৰ মূল।