কাব্য কছাৰী, ধেমাজি
ভ্ৰাম্যভাষ-৮০১১৯৩৪৫৫৪
নোম গজা ভেকুলীৰ টোৰ্টোৰণিত
মলিহীন আকাশে পোহৰৰ সপোন দেখে,
সমস্ত সঁপি দিয়ে
অনাগত পাঁচটা বছৰৰ বাবে
কিমান আশাৰে ৰৈ থাকে
সাগৰত বেলিটো ডুব যোৱা চাবলে।
এবাৰো ভাবি নাচায়
কাৰ কাৰণে এই অৱস্থিতি
একে সময়তে দুখন ছবি
এখনত- নোম গজা ভেকুলীৰ নাচোন
সিখনত- আকাশে আশাত মগন
এনেকৈয়ে বছৰবোৰ আহে আৰু যায়
মলিহীন আকাশ একেই হৈয়ে ৰয়।
(সোনোৱাল শব্দ- উপয়পয়-শুকাই কমি যোৱা, কাহানিকি-কেতিয়াকৈ)
