আকাশবন্তি গগৈ


কবিৰ চোতাল ভৰি পৰিছে শব্দৰ জোনাকেৰে
বুকুৰ পৰা কলিজাৰ অকণ আনি
গুঁজি দিছে ইজনে সিজনক
সুখৰ আবিৰ
দুখৰ চকুলো…

সকলো ইমান সজীৱ
ইমান সতেজ
ইমান মোহময়

শব্দৰ কি অদ্ভুত মায়া
শব্দৰ কি অদ্ভূত শক্তি
বিচ্ছুৰিত পোহৰৰ কি অদ্ভুত জেউতি
ফৰিংফুটা হৈ পৰিল কবিৰ চোতালৰ ছাঁ-পোহৰ

বুকুত বিষ এটা লৈ ছাঁ হৈ বহি থকা
ময়ো যে ওলাই পৰিলোঁ
অহ্‌, ক’ত কেনেকৈ লুকাও এতিয়া
চাৰিওফালেযে কবিতাৰ জোনাক
শব্দৰ মায়াজাল !!