ভূপেন গগৈ
চেপন,শিৱসাগৰ


আন্ধাৰতে জী আছোঁ
‎আন্ধাৰতে জী থাকে ঈশ্বৰ
‎প্ৰেম আৰু মৃত্যু

‎খেপিয়াই ফুৰোঁ
‎ওচৰতে ক’ৰবাত হেৰাই যোৱা
‎প্ৰণয়দীপ্ত উচ্ছাসৰ সাধু

‎মাজে মাজে ভাবি থাকোঁ
‎আন্ধাৰ মানে কি
‎অনাগত পোহৰৰ উৎস
‎নে ভূতপূৰ্ব পোহৰ

‎দেখি থাকোঁ
‎জীৱনে য’ত প্ৰাৰ্থনা কৰে
‎তাতো পিয়াপি দি থাকে
‎পোহৰে পুৰি নিঃশেষ কৰিব নোৱৰা
‎এন্ধাৰৰ যাদু

‎যৌৱনৰ প্ৰথম দিনবোৰত যেতিয়া
‎প্ৰচলিত বিপ্লৱৰ ইস্তাহাৰ পঢ়িছিলোঁ
‎তাতো পোহৰৰ সমানে সমানে
‎আন্ধাৰেও ভিৰ কৰা দেখিছিলোঁ

‎এনেকি জোন জোনাকী জ্বলি জ্বলি
‎গলি থকা ৰাতিবোৰক
‎তোমাৰ কাষলে’ চাপি অহা
‎আতোলতোল শীতৰ গধূলিবোৰক
‎ৰিব ৰিব আন্ধাৰে
‎সাৱতি থকা দেখিছিলোঁ

‎আন্ধাৰতে জী আছোঁ
‎আন্ধাৰত জী থাকে ঈশ্বৰ
‎প্ৰেম আৰু মৃত্যু।।