দীপক কুমাৰ দলে
আত্মকথাৰে—
ভোমোৰা গছজোপাৰ তলত
দুপৰ বেলা নিজান পথাৰত
হাল খুলি অকলে নৈখনৰ গৰাত
বহি আছিলো বহাগৰ আগমনত
দুপৰীয়া বতাহজাকে
মোৰ দুই কাণত ভুনভুনাই
কাৰ কথা কৈ গৈছিল
গোপনে গোপনে
বছৰৰ প্ৰথমা কপৌফুলে
দেখা দি হাঁহিছিল
গছৰ ডাল শুৱনি কৰি
মইতো তেতিয়া ম’হৰ গুৱাল
কৈশোৰৰ ধেমালিতে
মোৰ দুনয়নেৰে অশ্ৰু নিগৰিছিল
মই হেনো কবি !
নদী, পথাৰ, চৰাই
বতাহ ভালপোৱা
পঢ়াশালিৰ পদূলিত খোজ দি নোপোৱা
গাঁৱলীয়া মাতৃৰ গোৱাল ল’ৰাটো
কেনেকৈ হ’ব পাৰে !!!
কপৌ ফুলে হাঁহিছিল
সময়ে মোক সান্ত্বনা দিছিল
চৰায়ে দিছিল প্ৰেৰণা
মোৰ মাৰ ধমনীত বাঢ়িছিল
বিৰহ-বিচ্ছেদৰ বন্যা
দুৰ্ভাগ্য
এয়া যে কেনেকৈ হৈ গ’ল!
