বৈদ্য ব্ৰাইট বুঢ়াগোহাঁই,ডিব্ৰুগড়
ভ্ৰাম্যভাষ-৯৪০১৫৫২৯৭৬
ইটো নাছিল কেতিয়াও শব্দৰ সহজ ধেমালি
হয়তোবা জীৱনৰ উপপাদ্য
পাটিগণিতৰ এক যোগ এক সমান দুই
সদায়েই দুই
তথাপি কিয় কোৱা হে কথক
আৱেগত কবিতা নাথাকে বুলি
কবিতা আৱেগৰে পুন: পুন: নিৰ্মিতি
আত্মাৰ অনাদি অনন্ত আহ্বান
জী উঠিব খোজা কবি পুলিবোৰ
কলিতে মোহাৰি নিদিবা হে’ পৰম পূজনীয় কথক
পাৰিলে সাৰ পানী দি, কৰা ডাঙৰ দীঘল তুলি তালি
পদপথৰ ৰুগ্ন শিশুৰ মুখত ই হ’ব মৌপিয়াৰ মাত এষাৰি
পুষ্টিহীনতাত ভোগা মানুহবোৰৰ পোহৰ এধানি
কবিৰ পকা পাতবোৰ এদিন সৰি যায়
কুঁহিপাতবোৰে চকু মেলি চাই থাকে
কাহানিও আকাল নপৰা কালৰ ফালে….।
