জোনালী বৰুৱা

মই সীতা নহওঁ—
মোক পুৰাণৰ সেই মৌনতাৰে নোজুখিব।
মই আজিৰ নাৰী, স্বতন্ত্ৰ আৰু স্ব-মহিমাৰে দীপ্ত;
সহিব পাৰোঁ হেজাৰ লাঞ্ছনাৰ ধুমুহা,
কিন্তু মোৰ অস্তিত্বৰ প্ৰমাণ দিবলৈ
কেতিয়াও কোনো অগ্নিৰ শৰণাপন্ন নহওঁ—
মোৰ তেজৰ শুচিতা কোনো পৰীক্ষাৰ দাস নহয়।
মোক দ্ৰৌপদী বুলিও বিভ্ৰান্ত নহ’ব—
মই ইতিহাসৰ সেই পাশাখেলৰ কোনো পণ নলওঁ।
অৰ্জুনৰ তথাকথিত ধৰ্মীয় সিদ্ধান্তক
মই চিৰকালৰ বাবে অমংগলীয়া বুলিয়েই ক’ম;
মই মোৰ ভাগ্যৰ মানচিত্ৰ নিজেই অংকন কৰা এক বিদ্ৰোহী।
মোক অহিল্যা বুলি ভাবি ভুল নকৰিব—
মই নিজৰ গৰিমাৰে যুগ যুগ ধৰি শিল হৈ ৰৈ দিব পাৰোঁ,
কিন্তু মোৰ মুক্তিৰ বাবে
কোনো ৰামৰ চৰণস্পৰ্শৰ ভিক্ষা মই নকৰোঁ।
মোৰ স্বাভিমান মোৰ একমাত্ৰ পৰিচয়।
তুমি মোক যিয়েই নাম দিয়া—
মই হ’লোঁ সৃষ্টিৰ সেই অবিনশ্বৰ বীজ।
তুমি য’তেই মোক দলিয়াই নিদিয়া কিয়,
মই ধূলিৰ মাজেৰেও বাৰে বাৰে
এক অদম্য, বিদ্ৰোহী গজালি হৈ আকাশ চুব জানো।
মই কোনো ইতিহাসৰ
পুনৰাবৃত্তি নহওঁ, মই নিজেই এক নতুন ইতিহাসৰ আৰম্ভণি।