মেদিনী মোহন বৰুৱা,চিলাপথাৰ
দুকূল উপচোৱা এআকাশ নীলা
ছন্দোময় ঢৌৰ এসাগৰ গাথা
শয়নশায়িত মমতাজ;
তন্দ্রালস ছাহজাহান
উচুপনি.. মাথোঁ উচুপনি
সোঁৱৰণীৰ নদী হৈ বৈ থাকে নিসংগতাৰ সুখ
কঁপি উঠে প্রণয়; আলসুৱা হৃদয়..
এই বাঙ্ময় নিৰৱধিৰ শেষ ক’ত ..
তুমি জানা .. তুমি জানা??
মই নাজানো..!!
