ডঃ বনজিৎ ভট্ট, ধেমাজি

ভ্ৰাম্যভাষ-৯১০১১৯১৪৪৭


পোছাক এক স্বচ্ছ আভৰণ
শ্লীলতাৰ ৱেশেৰে নগ্নতা ঢকাৰ
পোছাক এক মুক্ত বিজ্ঞাপন
সুগন্ধি শব্দৰে বাসনা বেহাৰ
পোছাক
এক সুতীব্র নিবেদন
সুকুমাৰ হাতেৰে শিল্প গঢ়াৰ
পোছাক ধর্ষিতা হয়
পোছাকী দৃষ্টিত
পোহৰত জিলিকি
এন্ধাৰত বিনাই পোছাকে
পোছাক পিন্ধিব পাৰি
পিন্ধাব পাৰি
সলাব পাৰি, খোলাবও পাৰি
পোছাক এক অর্ধসত্য
সত্য পিছে নগ্নতাহে
সেয়ে
ইতৰ পৃথিৱীত অদৃশ্য পোছাক।