Press ESC to close

পৃথিৱীৰ কবি ৰাম গগৈৰ কবিতা: আৰু কিছু নেপথ্য-কথন

 ডাঃ লোহিত কুমাৰ বৰা
ভ্ৰাম্যভাষ-


১৯৯৪ চনৰ শৰতকালৰ এক নিৰিবিলি আবেলি৷  লেঙেৰীৰ জগত চাংমাইৰ বাসগৃহৰ চ’ৰাঘৰত বহি ‘পৃথিৱীৰ কবি’ ৰাম গগৈৰ লগত এক নিবিড় আৰু অন্তৰংগ কথোপকথনত আমি ব্যস্ত৷ আমি মানে কবি ৰাম গগৈ আৰু মই৷ ৰাম গগৈক তেতিয়াও ‘পৃথিৱীৰ কবি’ বুলি কোৱা হোৱা নাই৷ জনতাৰ কবি, পথাৰৰ কবি বুলিহে তেওঁ খ্যাত৷
মাজে মাজে জগত চাংমাইৰ ছোৱালী পৰীয়ে আহি আমাক চাহ-তামোলৰ যোগান ধৰিছে, একাষাৰ মাতো লগাই গৈছে৷ সেই সময়ত জগত চাংমাই ঘৰত নাছিল৷ তেওঁ থকা হ’লে হয়তো কথাই অন্যদিশে মোৰ ল’লেহেঁতেন৷ কাৰণ জগত চাংমাইৰ সৈতে ৰাম গগৈৰ অতি ঘৰুৱা সম্বন্ধ৷

ৰাম গগৈ

ঘৰুৱা ভাল-বেয়া খবৰ লোৱা, লেঙেৰীত ঘৰে ঘৰে নিয়মীয়াকৈ অনুষ্ঠিত কৰা  কবিতা সভাবোৰৰ কথা, সদৌ অসম কবি সন্মিলনৰ কথা, — এইবোৰেই আছিল আমাৰ আলোচনাৰ বিষয়৷ কথাৰ মাজে মাজে ছেগ বুজি মই কবিতাৰ কথাও উলিয়াইছোঁ৷
কবিতাৰ কথা কবি ৰাম গগৈদেৱে ক’ব পাৰে অত্যন্ত সহজ-সৰলভাৱে, ই যেন তেনেই সাধাৰণ কথা, তেনেভাৱে৷
কথাৰ মাজতে মই উলিয়ালোঁ কবিতাৰ মাজত থকা দুৰ্বোধ্যতাৰ কথা৷
কবিগৰাকীয়ে দ্বিধাহীনভাৱে ক’লে, কবিতা দুৰ্বোধ্য হ’ব নালাগে৷ কবিতা হ’ব লাগে হৃদয়স্পৰ্শী, মৰ্মস্পৰ্শী৷
কেইগৰাকীমান অসমীয়া লব্ধ-প্ৰতিষ্ঠিত কবিৰ কবিতাত থকা দুৰ্বোধ্যতাৰ কথা মই উল্লেখ কৰিলোঁ৷
তেওঁ ঘপহকৈ নিজৰ সোঁহাতৰ তৰ্জনী আঙুলিটো এবাৰ নিজৰ মূৰৰ ফালে আৰু পিছ মুহূৰ্ততে নিজৰ বুকুৰ বাওঁপিনে কলিজাৰ ফালে টুৱাই ক’লে,-
‘‘বুইছে বৰা, কবিতা সৃষ্টিৰ বাবে কেৱল মগজুৰ কচৰৎ কৰিলেই নহয়, কবিতাৰ বাবে এখন হৃদয়ো লাগে৷’’
আমাৰ সন্মুখৰ মেজৰ ওপৰত আছিল কেইখনমান আলোচনী৷ তেওঁ তাৰে এখন হাতত তুলি ল’লে৷ পাত লুটিয়াই নিৱিষ্টমনে কিবা এটা বিচাৰিলে৷
হঠাৎ যেন তেওঁ বিচৰা বস্তুটোকে পালে৷
আলোচনীখনৰ মাজৰ পৰা বাচি উলিওৱা নাতিদীৰ্ঘ কবিতা এটা মোৰ ফালে আগবঢ়াই দি ক’লে, ‘‘পঢ়ক’’৷
মই থতমত খাই আলোচনীখন হাতত তুলি ললোঁ৷ কবিতাটো পঢ়ি গলোঁ৷
তেওঁ ক’লে, ‘‘অৰ্থটো কওকচোন৷ কবিতাটো মোক বুজাই দিয়কচোন৷’’
মই যেন এক অগ্নি পৰীক্ষাৰ সন্মুখীন হ’লোঁ৷ পথাৰৰ কবি ৰাম গগৈৰ সন্মুখত এই অভাজনে কবিতাৰ অৰ্থ ভাঙিব লাগিব, তাকো এটি দুৰ্বোধ্য আধুনিক কবিতাৰ/
মই দোধোৰমোধোৰত পৰিলোঁ৷ ক’লৈ যাওঁ গোপাল, ক’লৈ যাওঁ কৃপাল, এনেহেন লাগিল মোৰ৷
ক’ৰ পৰা আৰম্ভ কৰোঁ, কি বুলি কওঁ, মই কবিতাটোৰ বুজিলোঁৱেবা কি; – এনেবোৰ কথা ভাবি থাকোঁতেই তেওঁ মোক সকাহ দি কৈ উঠিল,-
‘‘বৰাদেউ, মই জানোঁ, এই কবিতাটোৰ আপুনি কোনো সঠিক অৰ্থ এই মুহূৰ্তত মোক কৈ দিব নোৱাৰে৷ ময়ো নোৱাৰোঁ এই কবিতাটোৰ অৰ্থ উলিয়াব৷ আপুনিতো কবিতা লিখে?’’
মই কি উত্তৰেই বা দিওঁ/ ক’ত কবি ৰাম গগৈ আৰু ক’ত মই অধম/ তথাপি মৰসাহ কৰি ক’লোঁ,-
‘‘কেতিয়াবা দুই এটা লেখিছোঁ, কবিতা হৈছে নে নাই ক’ব নোৱাৰোঁ৷’’
‘‘আপুনি লিখে৷ আপুনি কবিতা লিখে আৰু গোটেই জীৱনজুৰি কবিতাও পঢ়িছে৷ ময়ো গোটেই জীৱনজুৰি কবিতাকে চৰ্চা কৰিছোঁ৷ কবিতা লেখিছোঁ; পঢ়িছোঁ অসংখ্য কবিতা৷ আৰু আপুনি বা ময়েই যদি এই কবিতাবোৰ বুজি নাপাওঁ বা এই কবিতাবোৰৰ ৰসাস্বাদন কৰিব নোৱাৰোঁ, তেনেহ’লে তেওঁলোকে এই কবিতাবোৰ কাৰ কাৰণে লেখিছে? কোনে পঢ়িব?’’ তেওঁ একে উশাহতে কথাখিনি কৈ মোলৈ চালে৷
মই যেন কিছু সকাহ পালোঁ৷ এইবাৰহে যেন তেওঁৰ প্ৰশ্নটোৰ অৰ্থ মই বুজি পালোঁ৷ অলপ সাহস গোটাই সুধিলোঁ,-
‘‘এইসকল কবিৰ ভৱিষ্যৎ তেনে কি? এই দুৰ্বোধ্য কবিতাবোৰ এসময়ত বাৰু পাঠকে নাকচ কৰি নিদিবনে?’’
‘‘নিদিয়ে৷ এই দুৰ্বোধ্য কবিতা লেখা কবিসকলৰ ভৱিষ্যৎ খুব ভাল৷’’
এক বিস্ময়ৰ চাৱনিৰে মই কবিজনাৰ মুখলৈ চাই ৰলোঁ৷ তেওঁ তেনে কি ক’ব বিচাৰিছে?
‘‘আমি যিসকলে জনতাৰ বাবে কবিতা লেখিছোঁ, আমাৰ কবিতা সকলো পাঠকে হৃদয়ংগম কৰক বুলি ভাবিছোঁ, — এইসকল কবি সংখ্যাত বহুত৷ সুদূৰ ভৱিষ্যতে যেতিয়া পাঠকে অসমীয়া  কাব্য-সাহিত্যৰ বৰ্তমান যুগৰ কবিসকলৰ বিষয়ে অধ্যয়ন কৰিব, এই বহুত কবিৰ মাজৰ আপোনাক-মোক কোনে মনত পেলাব? হয়তো কোনেও আমাক মনত নাৰাখিব৷ কিন্তু দুৰ্বোধ্য কবিতা লেখা এই কবিসকলক, যিসকল সংখ্যাত তেনেই তাকৰ, তেওঁলোকক ভৱিষ্যতৰ পাঠকে মনত ৰাখিব সহজতে, অথবা মনত ৰাখিবলৈ বাধ্য হ’ব৷ কাৰণ তেওঁলোক সংখ্যাত তাকৰ, তাৰোপৰি তেওঁলোক যে এক নিৰ্দিষ্ট কবিগোষ্ঠীৰ৷ ভৱিষ্যতৰ অসমীয়া সাহিত্যৰ ছাত্ৰই সেই মুষ্টিমেয় কবি কেইজনৰ নাম মনত ৰখাই নহয় তেওঁলোকৰ কবিতাৰ বিষয়ে গৱেষণা কৰিব, তেওঁলোকৰ দুৰ্বোধ্যতাৰ বিষয়ে আলোচনা কৰিব৷ এই কাৰণেই কৈছোঁ, তেওঁলোকৰ ভৱিষ্যৎ অতি সুন্দৰ৷’’ তেওঁ ক’লে৷
কথাষাৰ তেনেদৰে কোনোদিন মই ভাবি চোৱা নাছিলোঁ৷ লগে লগে কবি অমলেন্দু গুহৰ এষাৰ কথা মোৰ মনলৈ আহিল৷ এখন কবিৰ সভাত কবি অমলেন্দু গুহই উদাত্তকণ্ঠে ঘোষণা কৰিছিল,-
‘‘মই সুদীৰ্ঘ দিন ধৰি কবিতা পঢ়িছোঁ৷ কবিতা লেখিছোঁও৷ যিবোৰ কবিতা মই বুজি পাওঁ, পঢ়ি ভাল পাওঁ, সেইবোৰেই মোৰ বাবে ভাল কবিতা৷ যিবোৰ কবিতা মই বুজি নাপাওঁ, পঢ়ি বেয়া পাওঁ, সেইবোৰ কবিতা মোৰ বাবে বেয়া কবিতা৷ মোৰ কোনো হীনমন্যতা নাই৷’’
এনেতে হাতত লৈ থকা আলোচনীখনৰ পাত লুটিয়াই চাই তেওঁ আন এটা কবিতা মোৰ ফালে আগবঢ়াই দিলে৷ কবিতাটোৰ শিৰোনামৰ ঠিক তলতে বন্ধনীৰ ভিতৰত লেখা আছিল এই বুলি, – ‘স্বগীৰ্য় হীৰকজ্যোতি মহন্তৰ নামত উৎসৰ্গিত’৷
‘‘কবিতাটো পঢ়ক৷’’
পঢ়ি গ’লোঁ৷ কবিতাটো কাৰ আছিল আৰু কবিতাটোত কি কথাই বা লিখা আছিল আজি মোৰ সঠিক মনত নাই৷ সেয়াযে আজিৰ পৰা বহু বছৰৰ আগৰ কথা৷
‘‘কবিতাটোত হীৰকজ্যোতি মহন্তৰ কথা কিবা আছেনে?’’ তেওঁ আকৌ মোক প্ৰশ্ন কৰিলে৷
কবিতাটোত হীৰকজ্যোতি মহন্তৰ কথা একো লিখা হোৱা নাছিল৷ কবিতাটো আছিল সম্পূৰ্ণ এক বেলেগ বিষয়ৰ৷
‘‘চাওক বৰা, কবিগৰাকীয়ে ইমান সুন্দৰ কবিতা এটা লেখিলে, অথচ হীৰকজ্যোতি মহন্তৰ নামত উৎসৰ্গা কৰি কবিতাটোৰ ভৱিষ্যৎটোকে বেয়া কৰি পেলালে৷ হীৰকজ্যোতি মহন্তৰ আদৰ্শক মই বেয়া বুলি ক’ব খোজা নাই৷ মই ক’ব খুজিছোঁ অন্য এটা কথা৷ হীৰকজ্যোতি মহন্তৰ যি আদৰ্শ সেই আদৰ্শক আজি হাজাৰ হাজাৰ মানুহে শ্ৰদ্ধাৰে গ্ৰহণ কৰিছে; তেওঁৰ আদৰ্শক ৰূপায়ন কৰিবৰ বাবে সহস্ৰজন ৰাজপথলৈ ওলাই আহিছে৷ হয়তো কেতিয়াবা এনে দিনো আহিব পােৰ, সেইদিনা এই পথক ভুল পথ বুলি জনসাধাৰণে অভিহিত কৰি এই আদৰ্শৰ প্ৰতি হীন ভাবো পোষণ কৰিব পাৰে৷ এই সুন্দৰ কবিতাটোৰ যি চিৰন্তন আবেদন, তাক কেৱল শিৰোনামৰ তলত দিয়া এই শব্দকেইটাই চিৰন্তন হোৱাত হয়তো হেঙাৰ হৈ থিয় দিব৷
‘‘মোৰ নিজৰ কবিতাৰ কথা এটা কওঁ৷ আপুনি আকৌ যাকে তাকে কৈ নুফুৰিব৷ আজি প্ৰসংগক্ৰমে ওলাইছে বাবে আপোনাক কৈছোঁ৷’’
‘‘কওক ছাৰ৷ আপুনি নক’বলৈ ক’লে মই কাকো নকওঁ৷’’ মই ক’লোঁ৷
‘‘মই তেতিয়া গুৱাহাটীত আছোঁ৷’’ তেওঁ কৈ গ’ল, ‘‘মোৰ পথাৰ নামৰ কবিতাটো লেখি উঠাৰ সময়ৰ কথা৷ এদিন আবেলি দীঘলী পুখুৰীৰ পাৰত কবি ভবানন্দ দত্তৰ লগত খোজ কাঢ়ি ফুৰোঁতে মই মোৰ কামিজৰ জেপৰ পৰা কবিতাটো উলিয়াই তেওঁক পঢ়িবলৈ দিলোঁ৷ তেওঁ কবিতাটো খুব মনোযোগেৰে পঢ়িলে৷সেই কবিতাটোত তেতিয়া ‘লাল পতাকা’ এই শব্দ দুটা আছিল৷ ভবানন্দ দত্তই সেই শব্দ দুটালৈ আঙুলিয়াই মোক ক’লে, ‘লাল পতাকা’ — শব্দ দুটা পাৰিলে তুমি কবিতাটোৰ পৰা আঁতৰাই দিয়া৷ মই বুজি পাইছোঁ — তুমি শব্দকেইটা ঠিকেই ব্যৱহাৰ কৰিছা৷ লাল পতাকাৰ প্ৰতি আমাৰ সকলোৰে শ্ৰদ্ধা আছে৷ ভৱিষ্যতলৈও থাকিব৷ তথাপি কোনে জানে, হয়তো এনে দিন আহিব পাৰে, লাল পতাকাক হয়তো আজিৰ দৰে মানুহে শ্ৰদ্ধাৰে গ্ৰহণ নকৰিবও পাৰে৷’’
ৰাম গগৈদেৱে কৈ গ’ল, ‘‘তেওঁ এই বুলি কৈ কবিতাটো মোক ঘূৰাই দিলে৷ কবিতাটো জাপি মই পুনৰ জেপত ভৰাই থলোঁ৷ মই একো নকলোঁ৷ সেইদিনা নিশালৈ মোৰ ভালদৰে টোপনি নাহিল৷ বহুত ভাবিলোঁ৷ অৱশেষত ‘লাল পতাকাৰ’ এই শব্দ দুটাৰ ঠাইত ‘নতুন যুগৰ’ এই শব্দকেইটা দিলোঁ৷ পিছদিনা আবেলি দীঘলী পুখুৰীৰ পাৰত ফুৰিবৰ সময়ত তেওঁক আকৌ কবিতাটো দেখুৱালোঁ৷ তেওঁ কবিতাটে পঢ়ি চাই ক’লে, ‘এতিয়া ঠিক আছে৷’’
প্ৰথমতে ‘পথাৰ’ নামৰ কবিতাটোৰ সেই নিৰ্দিষ্ট স্তৱকটো আছিল এনে ধৰণৰ —
‘অগ্নিদীক্ষা … দ্ৰুত অভিযান, অবিৰাম৷ অধিকাৰ,
সংগ্ৰামৰ পথাৰত শ্ৰমজীৱী মানুহৰ তেজেৰঙা ইতিহাস
লিখা হয়৷ পৰিৱৰ্তন৷ আৰু
হাল কোৰ দা, লাল পতাকাৰ  অভিযাত্ৰী শ্ৰমিক কৃষক
পলাতক উদ্বাস্তু মহাজন, পুঁজিপতি, সমস্ত শোষকঃ
বানপানী পাৰ ভাঙি আৰু আহিব নোৱাৰে৷’
‘লাল পতাকাৰ’ — এই অংশ আঁতৰাই দি তাৰ ঠাইত ‘নতুন যুগৰ’ শব্দকেইটা বহুৱাই দিয়াৰ পাছত স্তৱকটো হ’ল এনে ধৰণৰ —
‘অগ্নিদীক্ষা … দ্ৰুত অভিযান, অবিৰাম৷ অধিকাৰ,
সংগ্ৰামৰ পথাৰত শ্ৰমজীৱী মানুহৰ তেজেৰঙা ইতিহাস
লিখা হয়৷ পৰিৱৰ্তন৷ আৰু
হাল কোৰ দা, নতুন যুগৰ অভিযাত্ৰী শ্ৰমিক কৃষক
পলাতক উদ্বাস্তু মহাজন, পুঁজিপতি, সমস্ত শোষক ঃ
বানপানী পাৰ ভাঙি আৰু আহিব নোৱাৰে৷’
ৰাম গগৈদেৱৰ ‘পথাৰ’ নামৰ কবিতাটো অসমীয়া কাব্য জগতৰ উৎকৃষ্টতম কবিতাবোৰৰ ভিতৰত অন্যতম৷ কেৱল এই কবিতাটোকে ৰচনা কৰা হ’লেও ৰাম গগৈ অসমীয়া কবিসকলৰ মাজত ভোটাতৰাৰ দৰে জিলিকি থাকিলহেঁতেন৷ এনে এটি কবিতাৰ নেপথ্যত থকা কাহিনী এটা জনাৰ পাছত তাক মোৰ সতীৰ্থসকলক কৈ দিবৰ বাবে মোৰ মন সদায় উচ্‌পিচাই থাকিব ধৰিলে৷
সেইদিনা ৰাম গগৈদেৱে যদিও মোক কৈছিল, ‘আপুনি আকৌ যাকে তাকে কৈ নুফুৰিব, আপোনাকহে কৈছোঁ’ বুলি, আৰু ময়ো সিদিনা তেখেতৰ ‘কাকো নক’ব লগীয়া’ কথাষাৰ শুনিবৰ বাবে উদ্‌গ্ৰীৱ হৈ একে উশাহতে কৈ পেলাইছিলোঁ, ‘‘কওক ছাৰ, মই কাকো নকওঁ’’৷ এই কথাষাৰ ইমান দিন মনৰ মাজত লুকুৱাই ৰাখি অসহ্য যন্ত্ৰণাত দিন কটাইছিলোঁ৷ এক অন্তদ্বৰ্ন্দ্বত মাজে মাজে মই মৰ্মাহত হৈছোঁ — কথাষাৰ মই কিয় প্ৰকাশ কৰি নিদিওঁ? এই কাহিনীটোৱে মোক যি শিক্ষা দিলে, সেই শিক্ষা তেওঁৰ অনুজ সকলোৱে পোৱাটো জানো উচিত নহয়? এই কথাষাৰ মোৰ মনৰ মাজত গোপনে ৰাখি থ’ব নোৱৰাৰ যি অক্ষমতা সেই অক্ষমতাৰ বাবে মই প্ৰয়াত কবিজনাৰ ওচৰত নতজানু হৈ ক্ষমা বিচাৰিছোঁ৷
অৱশ্যে তেখেতৰ মৃত্যুৰ পিছত পৰিত্যক্ত এটি টোপোলাৰ পৰা সংগ্ৰহ কৰা ‘মোৰ কবিতাৰ নেপথ্যৰ কথা’ নামৰ এটি লেখাত তেওঁ নিজে এই কথাষাৰ এনেদৰে উল্লেখ কৰিছে, -‘‘তেখেতে [ভবানন্দ দত্ত] মোৰ ‘পথাৰ’ কবিতাটিৰ শেষৰ ফালে এটি শব্দ সলনি কৰি দিছিল৷ কবিতাটিৰ এটি শাৰীত আছিলঃ হাল কোৰ দা — লাল পতাকাৰ অভিযাত্ৰী শ্ৰমিক কৃষক — তেখেতে ‘লাল’ শব্দটো উঠাই  দিবলৈ কৈ সাহিত্য যে প্ৰচাৰগন্ধী হ’লে কালজয়ী হ’ব নোৱাৰে সেই কথা মনোৰমভাৱে বুজাই দিছিল৷’’
সেইদিনা গধূলিলৈ লেঙেৰীত অনুষ্ঠিত হৈছিল কবিসকলৰ এখন বিশেষ সভা৷ অসমৰ বিশিষ্ট আৰু স্বনামধন্য কবিসকলে লেঙেৰীৰ এখন স্কুলৰ এটি কোঠাৰ মজিয়াৰ শেতেলিত বহি আলোচনা কৰিছিল সদৌ অসম কবি সন্মিলনৰ কথা৷ সভাত কবিসকলে কবিতা পাঠো কৰিছিল৷ কবি পুণ্য শইকীয়াই হাস্য-ব্যংগ কবিতাৰে সকলোকে হাঁহিৰ খোৰাক যোগাইছিল৷ কবি উৎপলা বৰাই আবেগিক কণ্ঠেৰে পাঠ কৰিছিল স্বৰচিত বাংলা কবিতা৷ কবি ৰাম গগৈয়েও পাঠ কৰিছিল কবিতা তেওঁৰ সোণালী কণ্ঠেৰে৷ অনেকে পাঠ কৰিছিল কবিতা৷ লেঙেৰীৰ সেই গধূলিটো হৈ পৰিছিল কবিতাৰে মুখৰ৷
সেইনিশা ৰাম গগৈ আমাৰ ঘৰতে শুইছিল৷ তেওঁৰ লগত একেখন বিছনাতে শুইছিল সতীশ চৌধুৰীও৷ তেওঁ তেতিয়াও অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হোৱা নাছিল৷
দুয়ো কবিবন্ধুৱে বহু নিশালৈকে কথা পাতিছিল৷ আলোচনাৰ বিষয় আছিল সদৌ অসম কবি সন্মিলন আৰু অসম সাহিত্য সভা৷ মই মাজে মাজে তেওঁলোকৰ কোঠালৈ গৈ খবৰ লৈছিলোঁ, সুধিছিলোঁ, – কিবা অসুবিধা হৈছে নেকি? টোপনি ধৰা নাই নেকি?
‘‘বৰা, আপুনি শুই থাকক৷ বহুত নিশা হ’ল৷ আমাৰ একো অসুবিধা হোৱা নাই৷ আমাক একো নালাগে৷’’ — মোক এইবুলি কৈ শুবলৈ পঠাই দিছিল৷
পুৱা শুই উঠিয়ে কাণ উনাই শুনিলোঁ, – তেওঁলোক দুয়ো গুণগুণাই কথা পতাত ব্যস্ত৷  সেই একেই কথা চাগে’; – কবিতাৰ কথা, সাহিত্য সভাৰ কথা৷
‘‘বৰা৷’’
মাত শুনি মই ওচৰ চাপি গ’লোঁ৷ ৰাম গগৈ ছাৰৰ মাত, ‘‘আগফালৰ দুৱাৰৰ তলাটো   খুলি দিয়কচোন৷ মই জগত ককাইদেউৰ ঘৰৰ পৰা আহোঁগৈ৷ কালি মোৰ চছমাযোৰ তাতে থাকি আহিল৷ লৈ আহোঁগৈ৷ কবিতা এটা লেখিছিলোঁ৷ চছমা নাই বাবে আমনি পালোঁ, আধা লেখাতে এৰিলোঁ৷’’
‘‘আপুনি যাব নালাগে, ময়ে আনোগৈ৷’’ এই বুলি কৈয়েই মই আমাৰ ঘৰৰ কাষতে থকা জগত চাংমাইৰ ঘৰলৈ গৈ চছমাযোৰ লৈ আহি কবিজনাক দিলোঁহি৷
তেওঁ চছমাযোৰ পিন্ধি লেখাত বহিল৷ মই আলেঙে আলেঙে মন কৰিলোঁ, ইতিমধ্যে তেওঁ এটা বাংলা কবিতাৰ দুটা স্তৱক লেখি থৈছে৷ চছমাযোৰ পিন্ধি লৈ লগে লগে বাকী দুটা স্তৱক লেখি পেলালে৷ যেন তেওঁৰ কবিতাটো মুখস্থহে আছিল৷ লগে লগে সৃষ্টি হ’ল এটা অপূৰ্ব সুন্দৰ বাংলা কবিতা — ‘একটি নারী কি নদী হ’তে পারে না?’
পাছত কবিতাটিৰ শিৰোনাম হয় ‘ সেই নাৰী যদি নদী হয়’৷ কবিতাটিৰ কিয়দংশ উল্লেখ কৰাৰ লোভ সামৰিব নোৱাৰিলোঁ, —
‘একটি নারী কি কখনো নদী হতে পারে না
যে নদী বৰ্ষায় যৌৱনের উচ্ছল তরংগ হয়ে বহমান
কল কল অন্তহীন সমুদ্ৰ সন্ধানে,
মানুষের চিরন্তন বিষাদের কুয়াসায় ঢাকা
হেমন্তয়ের নিৰ্জন রাত্ৰিতে
যে নদীতে ভেসে যায়
সোণার ময়ুর পঙ্খী একফালি চাঁদ,
আন্দোলিত হবে নাকি
সেই ময়ুর পঙ্খী চাঁদ
ঝর পড়া গাছের পাতার আঘাতে
নদীর পারের৷’