সঞ্জীৱ বসুমতাৰী।। শিমলুগুৰি ( নাৰায়ণপুৰ)

ভ্ৰাম্যভাষ-৬৯০০৪১৯৫৪০

আপুনি জয়ী হ’বলৈ ধৰা খেলখন
গোপনে চাই আছো আমি
আৰম্ভণিৰে পৰা
কি ইচ্ছা-কি দমন
কি চাতুৰ্যতাৰে আপুনি
ব্যৱহাৰ কৰিছে ৰণৰ সকলো কৌশল

বতৰীয়া শাৰীৰ মানুহবোৰে
উৰ্ধমুখী হাত চাপৰিৰে
আপোনাক দি গৈছে উষ্ণ সমৰ্থন
কিৰিলিয়াই কৰিছে প্ৰাৰ্থনা
যিকোনো সূত্ৰত আপুনি জয়ী হওক
তেওঁলোক সাজু থাকে
ৰঙা দলিছাত আপোনাক আদৰিবলৈ
ৰৈ থাকে ক’লা ছাতি মেলি
ধূলি-মাকতি
কৃত্ৰিম ৰ’দ- মেঘহীন বৰষুণৰ পৰা
আপোনাক আঁৰ দিবলৈ

সমৰ্থনকাৰীয়ে বিশ্বাস কৰে
প্ৰতিপক্ষ ধাৰাশায়ী হ’লে
যিদৰে বিজয় উল্লাস হ’ব আপোনাৰ
একে লাভ তেওঁলোকৰো

সমৰ্থনত থাকে বুজাবুজি
সমৰ্থনত থাকে গণিত
প্ৰাৰ্থনাতো বিনিময়
আচৰিত হয় ভগৱান !

ঈৰ্ষত হাঁহিৰে
আপুনি চাই ৰাজধানীলৈ
সমৰ্থনকাৰীয়ে আপোনালৈ
আমি আপোনালোকলৈ

গেলাৰী ভিৰ কৰা
তৃতীয় শ্ৰেণীৰ আমি নিচলা দৰ্শক

মহাশয়,
দৰ্শক হ’লে লক্ষ্য কৰিব পাৰি
ক’ত প্ৰেম-ক’ত প্ৰতাৰণা
কোন নাঙঠ-কোন আবুৰ
তলৰ পৰা যে ওপৰলৈ সকলো শূণ্য দেখি।