কুন্তলা কল্যাণী সন্দিকৈ
সম্পাদক, কাব্যনন্দিনী
সদৌ অসম কবি সন্মিলন

ভ্ৰাম্যভাষ-৯৯৫৪৩৮৬৪৭২

তোমাক ভালপোৱাৰ কথা বাদেই
চিনি পোৱাটোকেই অস্বীকাৰ কৰিলোঁ

যদিও তোমাৰ দেহৰ প্ৰতিটো ৰোম-কূপ মোৰ চিনাকি
তোমাৰ আত্মাৰ গভীৰতম প্ৰদেশৰ স’তে মোৰ নিবিড় পৰিচিতি
তোমাক চিনি পোৱাৰ কথাটো ৰাজহুৱা কৰিবলৈ মোৰ সাহে নুকূলালে

তেওঁলোকে কয়
আমাৰ দুয়োকে একেলগে বহু ঠাইত বহুবাৰ দেখিছে
মোৰ কবিতাত
তোমাৰ গদ্যৰ কথাংশত
শুনি নুশুনাৰ ভাও ধৰি তৎক্ষণাৎ দুয়ো দুফালে ফালৰি কাটিছোঁ

‘কমিক’ বুলিব নোৱাৰি
ইমান মৰ্মস্পৰ্শী
‘ট্ৰেজেদি’ৰ ৰূপ দিব নোৱাৰি
নিতান্ত প্ৰাত্যহিক
ইতিহাসত সংকলিত নহয়
ইমান ক্ষুদ্ৰ

কিন্তু কেনেকৈ অৱজ্ঞা কৰা যায়
বতাহে উৰুৱাই নিয়া ফাগুণৰ ফুল আৰু পাতৰ উজ্জ্বল পৃষ্ঠাবোৰ
পলাতক সূৰ্যই আমাক উপহাৰ দিয়া
অপূৰ্ব নাটকীয় অস্থিৰতাৰ ৰাতিবোৰ

আমাৰ যে ৰাতিবোৰ
যিবোৰ সাঁতুৰিব পৰা ৰাতি নাছিল
আছিল ডুবি মৰা ৰাতি।