শ্যামন্ত পায়েং, মাজুলী
ভ্ৰাম্যভাষঃ ৮৮৭৬১৯১৯
মই জ্বলি জ্বলি জী আছোঁ
জী জী মৰি আছোঁ
কোনে জানে? মই কি তুষানলত দহি আছোঁ!
চাৰিওফালে হিংসাৰ দাবানল
ৰাজনীতিৰপৰা সমাজনীতিলৈ
কৰ্মৰপৰা ধৰ্মলৈ
সকলোতেই নিন্দা, ঘৃণা, সমালোচনা
যিখন পৃথিৱীত সহিষ্ণুতা নাই
এইখন পৃথিৱী মোৰ নহয়।
পদপথত পৰি থাকে মৃত্যুমূখী ভগৱান
ৰেল-বাছ আনকি জনসমাগমতো
হাতত ভিক্ষা পাত্ৰ লৈ বিদ্যমান আতুৰ ভগৱান
পিছে অন্ধ আজি ভণ্ড ভক্ত।
শিল-বালিৰো জানো ভোক থাকে!
যাক খোৱালে হজম নহয়, মাথোঁ পঁচি যায়
তাকেহে খোৱাই।
যিখন পৃথিৱীত উদাৰতা নাই
এইখন পৃথিৱী মোৰ নহয়।
কৰ্মচাৰীৰ সামান্য ভুলতো
পদাধিকাৰীৰ কটু বাক্যবাণ
বনুৱাক মালিকৰ দুৰ্ব্যৱহাৰ
তাক দেখি মই দাউ দাইকৈ জ্বলি উঠোঁ
অথচ মই একো কৰিব নোৱাৰোঁ।
যিখন পৃথিৱীত মানৱতা নাই
এইখন পৃথিৱী মোৰ নহয়।
ঠগ প্ৰৱঞ্চনা লুণ্ঠন, বায়ুত মিলি আছে
মই শ্বাসৰুদ্ধ
অন্যায়-দুৰ্নীতি সমাজত ভৰি আছে
মই বাকৰুদ্ধ
যিখন পৃথিৱীত সততা নাই ।
